এসময়ত চিকিৎসকে স্পষ্টৰূপত কৈছিল যে তেওঁ আৰু স্বাভাৱিকভারে ভবিষ্যদ্বাণীক ভুল প্রমাণ কৰি খোজকাঢ়িব নোৱাৰিব। অথচ সেই নিজৰ জীৱনেই সলনি কৰি পেলোৱাৰ সমান্তৰালকৈ এতিয়া আনৰ বাবে সুস্থতাৰ পথ দেখুৱাইছে পাটনাৰ এগৰাকী যুৱতীয়ে। নিজে তৈয়াৰ কৰা ‘হিলিং কেক’ৰ মাধ্যমেৰে এতিয়া আনকো উৎসাহিত কৰিছে পাটনাৰ যুৱতী মীৰাই।
মীৰাৰ প্ৰকৃত নাম হৈছে পল্লবী কুমাৰ আগৰৱাল। আগতে তেওঁ এখন সম্পূর্ণ ভিন্ন জগতত আছিল। ফেশ্বন ডিজাইনিং, মডেলিং, আনকি ক’র্পোৰেট চাকৰি আদি সকলো মিলাই তেওঁ আছিল ব্যস্ত আৰু সফল ব্যক্তি। তেওঁ ‘কিংফিশ্বাৰ মিছ ফটোজেনিক’ খিতাপো জয় কৰিছিল আৰু মাৰাথন দৌৰবিদৰূপেও খ্যাতি অৰ্জন কৰিছিল; কিন্তু হঠাৎ এক গুৰুতৰ শাৰীৰিক সমস্যাৰ বাবে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰে।
চিকিৎসকে তেতিয়াই জনাইছিল যে মীৰাই হয়তো আৰু সঠিকভাবে খোজকাঢ়িব নোৱাৰিব। এই কঠিন পৰিস্থিতিতেই মীৰাই নিজৰ জীৱনৰ গতি সলনি কৰা এক সিদ্ধান্ত লয়। তেওঁ আধুনিক চিকিৎসাৰ সমান্তৰালকৈ উভতি যায় নিজৰ শিপালৈ, অর্থাৎ ভাৰতীয় ঐতিহ্যবাসী খাদ্যাভ্যাস আৰু আয়ুৰ্বেদৰ দিশে। মীৰাই সম্পূৰ্ণ নিৰামিষ ডায়েট মানি চলিবলৈ আৰম্ভ কৰে আৰু আয়ুর্বেদিক নিয়ম অনুসৰি খাদ্য গ্রহণ কৰিবলৈ লয়।
সমান্তৰালকৈ তেওঁ যোগ আৰু ধ্যান, বিশেষকৈ ‘ক্রিয়া যোগ’ৰ চৰ্চা আৰম্ভ কৰে। লাহে লাহে তেওঁৰ শৰীৰ আৰু মন দুয়োটালৈকে পৰিৱৰ্তন আহিবলৈ ধৰে। অসুস্থতাক দূৰ কৰি তেওঁ নতুনকৈ সুস্থ জীৱনলৈ উভতিবলৈ সক্ষম হয়।
কেৱল শাৰীৰিক সুস্থতাই নহয়, এই যাত্রাই তেওঁক মানসিক আৰু আধ্যাত্মিক দিশৰ পৰাও সলনি কৰে। এটা সময়ত মীৰাই সন্ন্যাস জীৱনো বাছি লয় আৰু সম্পূৰ্ণৰূপে ৱেলনেছ বা সুস্থতাৰ পথত নিজক নিয়োজিত কৰে।
সম্প্ৰতি মীৰা এগৰাকী বেলনেছ উদ্যোক্তা। তেওঁ প্রস্তুত কৰে ‘হিলিং কেক’, যি সাধাৰণ কেকৰ দৰে নহয়। এইবোৰ সম্পূর্ণরূপে প্লেন্ট-বেছড্, প্রাকৃতিক উপাদানৰে তৈয়াৰী আৰু আয়ুৰ্বেদৰ নীতিৰে প্ৰস্তুত কৰা।
মীৰাৰ এই কাহিনী কেৱল এগৰাকী নাৰীৰ সংগ্রাম নহয়; একেলগে বিশ্বাস, ধৈৰ্য আৰু নিজৰ সংস্কৃতিৰ শক্তিৰ এক অনন্য উদাহৰণ। তেওঁ দেখুৱাই দিছে যে সঠিক জীৱন-যাপন আৰু খাদ্যাভ্যাসে প্রায়েই অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে।






























