Direct flights from Guwahati to Bangkok:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আকাশী সংযোগৰ নতুন দিগন্ত৷ ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটী বিমান কোঠৰ পৰা বেংককলৈ চলিব পোনপটীয়া বিমানসেৱা৷ সেই অনুসৰি ২৭ অক্টোবৰৰ পৰা গুৱাহাটীৰ- বেংককলৈ পোনপটীয়াকৈ চলিব ইণ্ডিগ’ বিমান।
ADVERTISEMENT
সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে বাণিজ্য, পৰ্যটনৰ ক্ষেত্ৰত এই নতুন বিমানসেৱাই গুৱাহাটীক সংযুক্ত কৰিব দক্ষিণ-পূৱ এছিয়াৰ সৈতে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বেও গুৱাহাটী বিমান কোঠৰ পৰা বেংককলৈ চলিছিল পোনপটীয়া বিমানসেৱা ৷ কিন্ত পৰৱৰ্তী সময়তে হঠাতে বন্ধ হৈ পৰিছিল বিমানসেৱা ৷































