Landslide Incident Sonapur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰী ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা ৷ মুষলধাৰ বৰষুণ দিলেই বিপদাপন্ন হৈ বহু কেইটা পাহাৰীয়া অঞ্চল ৷ আজি পুৱতি নিশাৰে পৰা দিয়া মুষলধাৰ বৰষুণৰ মাজতে সোণাপুৰৰ মৌপুৰত ভয়াৱহ ভূমিস্খলন ঘটনা সংঘটিত হয় ৷ পাহাৰৰ পৰা মাটি খহি আহি হেঁচা মাৰি ধৰে এটা বাসগৃহ। ফলত সেই সময়ত শুই থকা অৱস্থাত থকা ঘৰটোৰ তিনি আবাসী আহত হয় ৷ স্থানীয় লোকৰ তৎপৰতাত আহত লোক কেইজনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় সোণাপুৰ অসামৰিক চিকিৎসালত ৷ আহত লোক কেইজন হ’ল চন্দ্ৰ মাৰাক, সুনীতা চাংমা আৰু ৰিকনাচা চাংমা।
ADVERTISEMENT































