Yaba Tablets Seized in Patharkandi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শ্রীভূমিৰ পাথাৰকান্দি আৰক্ষীৰ জালত নিচাযুক্ত টেবলেটসহ সৰবৰাহকাৰী ৷ নিলামবজাৰৰ পুৰনি গাড়ীৰ শ্ব’ৰুম খুলি সংগোপনে নিচাযুক্ত টেবলেট সৰবৰাহ কৰি থকাৰ সম্ভেদ লাভ কৰিছিল পাথাৰকান্দি আৰক্ষীয়ে৷ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি এখন বাহনৰ পৰা জব্দ কৰে প্ৰায় ৪০ হাজাৰ য়াবা টেবলেট।গাড়ী খনৰ চকাৰ ভিতৰত লুকুৱাই আনিছিল জব্দকৃত টেবলেটখিনি৷ চালক এনাম উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত নিলামবজাৰৰ পুৰনি পুৰনি গাড়ীৰ শ্ব’ৰুম স্বত্বাধিকাৰ জহিৰ উদ্দিনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
ADVERTISEMENT































