Car Theft Arrested in Basistha:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:গুৱাহাটী মহানগৰ সহ উপকন্ঠ অঞ্চলত দীৰ্ঘদিন ধৰি গাড়ী চুৰি কাৰ্যৰে একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি অহা গাড়ী চোৰৰ গেং এটা বশিষ্ঠ আৰক্ষীৰ জালত পৰে ৷ বিভিন্নজন ভুক্তভোগী লোকৰ এজাহাৰৰ ভিত্তিত যোৱা নিশা বশিষ্ঠ আৰক্ষী এট দলে মহানগৰীৰ বিভিন্ন স্থানত অৰ্তকিতে অভিযান চলাই ৭টা কুখ্যাত আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ কেইটা হ’ল মনোজ ঠাকুৰ, ভাস্কৰ কলিতা,আছিফ খান, ৰাম চেত্ৰী, দাউড হক,ৰোহিত ঠাকুৰীয়া আৰু নৱ দাস৷ চোৰৰ দলটোৰ মাষ্টাৰ মাইণ্ড হ’ল দুৰ্ধৰ্ষ গাড়ী চোৰ ৰোহিত ঠাকুৰীয়া৷ বশিষ্ঠ আৰক্ষীয়ে চোৰ কেইটাৰ পৰা দুখন বাহনসহ বহু গাড়ীৰ সা-সামগ্ৰী জব্দ কৰে৷
ADVERTISEMENT































