আজি পবিত্ৰ গৰু বিহু। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত ৰাজ্যজুৰি গো-ধনৰ সেৱা চলাই এক আধ্যাত্মিক তথা পৰম্পৰাগত পৰিৱেশৰ সৃষ্টি হৈছে। সমান্তৰালকৈ দলগাঁৱৰ চুকাজানি নৈৰ পাৰত এক উখল-মাখল পৰিৱেশত গৰু বিহু উদযাপন কৰা হয়।
বিগত বৰ্ষসমূহৰ দৰেই এইবেলিও দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চুকাজানি নৈৰ পাৰত এক কাৰ্যসূচীৰে গৰু বিহু পালন কৰা হয়। পৰম্পৰাগত নিয়ম অনুসৰি, অঞ্চলটোৰ কৃষক তথা ৰাইজে গোধন সমূহক নদীৰ ঘাটলৈ আনি মাহ-হালধিৰে নোৱাই-ধোৱাই আশীৰ্বাদ লয়। গৰুৰ শ্ৰী-বৃদ্ধি তথা সুস্বাস্থ্য কামনা কৰে ৰাইজে ।
“লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু।দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ এই অনুষ্ঠানত দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা উপস্থিত থাকি ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ লগতে দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সদস্যসকল আৰু স্থানীয় শতাধিক ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটো অনন্য মাত্ৰা প্ৰদান কৰে।
কৃষিভিত্তিক সমাজখনৰ এই অপৰিহাৰ্য অংগটোক কেন্দ্ৰ কৰি চুকাজানি নৈৰ পাৰত সৃষ্টি হোৱা এই বিহুৰ আমেজে সকলোৰে মাজত একতা আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে।






























