Women’s Reservation Act 2023 ‘Comes Into Force’ On April 16:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–সকলো জল্পনা কল্পনাৰ অন্ত পেলাই মাজনিশাৰ পৰা দেশত বলবৎ হ’ল ‘নাৰি শক্তি বন্দন’ আইন। বিধায়িনী সংস্থাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা থকা নাৰী শক্তি বন্দন আইন, ২০২৩ কাৰ্যকৰী সন্দৰ্ভত কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে।
উল্লেখ্য যে ১৬ এপ্ৰিলৰ পৰা আইনখন কিয় কাৰ্যকৰী কৰা হ’ল সেয়া স্পষ্টকৈ কোৱা হোৱা নাছিল ৷ আনহাতে সংসদত বৰ্তমান এই আইনখন সংশোধন কৰি ২০২৯ চনত কাৰ্যকৰী কৰা হ’ব নে নহয় সেই বিষয়ে বিতৰ্ক চলি আছে।এইটো নাৰী শক্তি বন্দন আইন, ২০২৩ক সুৰক্ষিত কৰাৰ বাবে কৰা হৈছে বুলি আলোচনা চলি আছে ৷সংশোধনী আইন, ২০২৩ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দ্বাৰা ১৬ এপ্ৰিল, ২০২৬ তাৰিখক উক্ত আইনখনৰ বিধানসমূহ বলবৎ হোৱাৰ তাৰিখ হিচাপে বিবেচিত কৰিছে।
স্মতৰ্ৱ্য যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদে নাৰী শক্তি বন্দন আইন (মহিলা সংৰক্ষণ আইন) গৃহীত কৰে। বিধানসভাৰ আসনত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ দিশত এয়া আছিল এক উল্লেখযোগ্য পদক্ষেপ। এই আইনখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।
মনকৰিবলগীয়া যে ২০৩৪ চনৰ পূৰ্বে কাৰ্যকৰী নহ’ব এই আইন। ২০২৩ চনৰ আইন অনুসৰি ২০২৭ চনৰ লোকপিয়লৰ পিছত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সৈতে ইয়াৰ সম্পৰ্ক আছিল বাবে ২০৩৪ চনৰ পূৰ্বে মহিলা সংৰক্ষণ কাৰ্যকৰী নহ’ব। বৰ্তমান লোকসভাত বিতৰ্ক চলি থকা তিনিখন বিধেয়ক চৰকাৰে উত্থাপন কৰিছিল যাতে ২০২৯ চনত মহিলাৰ বাবে সংৰক্ষণ কাৰ্যকৰী কৰিব পৰা যায়।






























