Theft incident in Hengerabari:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। গুৱাহাটী স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই গভাইত চোৰে অলিয়ে-গলিয়ে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰি কাৰ্য ৷ শুকুৰবাৰে নিশা হেঙেৰাবাৰীত একেলগে ৩৫ খন ঘৰত এচি পাইপ চুৰি কৰি উধাও হয় চোৰ ৷ আনকি এচি পাইপ কাটি চোৰে লৈ যোৱাৰ দৃশ্য বন্দী হ’ল চিচিটিভিত।
ADVERTISEMENT
দিছপুৰ থানাৰ পৰা মাত্ৰ কিছুদূৰত স্থিত হেঙেৰাবাৰীত সংঘটিত চোৰৰ এই তাণ্ডৱক লৈ উদ্বিগ্ন হৈ পৰিছে মহানগৰবাসী ৷ নিয়মীয়াকৈ আৰক্ষীৰ নৈশ পেট্ৰলিং নোহোৱাৰ বাবেই এতিয়া মহানগৰীৰ অলিয়ে গলিয়ে পিয়াপি দি ফুৰিছে চোৰৰ দল ৷































