Horrific murder in Beltala:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল গুৱাহাটী৷নিজ পত্নীক শিৰচ্ছেদ কৰি ফ্ৰীজত ভৰাই ৰাখিছিল পত্নী ছিন্নমুণ্ড ৷ দেওবাৰে ঘটনা পোহৰলৈ অহাৰ পিছতে সোমবাৰে স্বামীয়ে আত্মসমৰ্পণ কৰিলে মহানগৰীৰ হাতীগাঁও থানাত৷ লোমহৰ্ষক ঘটনা সংঘটিত হয় বেলতলাৰ বশিষ্ঠপুৰত৷ ঘাতক স্বামী ৰামানুজন গোস্বামীয়ে ৰিয়া তালুকদাৰক ডিঙি চেপি হত্যা কৰি পিছত শিৰচ্ছেদ কৰি পত্নীৰ ছিন্নমুণ্ড ভৰাই ৰাখিছিল ফ্ৰীজত৷ আনহাতে ৰিয়াৰ শৰীৰৰ আন অংশ ঘৰৰ মজিয়াত পেলাই ৰাখিছিল ৷
শনিবাৰে ঘৰৰ ভিতৰত প্ৰতিবেশীয়ে শুনিছিল কান্দোনৰ ৰোল । প্ৰতিবেশীয়ে কেৱল ৰামানুজন গোস্বামীৰ মাতহে শুনা পাইছিল ৷ শংকিত আৰু ভয়ত কান্দিছিল যেন লাগিছিল ৰামানুজন গোস্বামীয়ে৷ দৰ্জাত হোক লগোৱা হোৱা নাছিল। এপাত মোজাৰে চেপা দি বন্ধ কৰি গৈছিল ফ্লেটৰ দুৱাৰ। শনিবাৰে ৰামানুজন গোস্বামীয়ে নিজৰ চুলিৰ কাট সলনি কৰিছিল বুলিও স্থানীয় লোকে জানিব দিয়ে ৷ ড্ৰাগছত আসক্ত হৈ ৰিহাৱত তিনি মাহ ধৰি আছিল অভিযুক্ত ৰামানুজন গোস্বামী।
আনহাতে ভৱাতকৈও অতি ভয়ংকৰ বেলতলা বশিষ্ঠপুৰৰ বাইলেন ৪ৰ এই নৃশংস হত্যাকাণ্ড৷ দুটা ভাগত টুকুৰা হৈ আছে ৰিয়া তালুকদাৰ মৃতদেহ। অভিযুক্ত স্বমীযে দাৰে কাটি ফ্ৰীজত ভৰাই থয় পত্নীৰ ছিন্নমুণ্ড আৰু ডিঙিৰ টুকুৰা ৷একেদৰে যুৱতী গৰাকীৰ তলৰ অংশ উলংগ অৱস্থাত পৰি আছিল মজিয়াত ৷
উল্লেখ্য যে ৰামানুজনৰ স্থায়ী ঘৰ গৌৰীপুৰত। ৰিয়াৰ ঘৰ নুনমাটিত। ফাঁচী বজাৰৰ এচি মাৰ্কেটত এখন বুটিকত কাম কৰিছিল ৰিয়াই। পিতৃ মাতৃহীন ৰিযাৰ আছে মাত্ৰ এজন ভায়েক। কালি প্ৰচণ্ড কাজিয়া হৈছিল দুয়োৰে মাজত। নিশা প্ৰায় 8 বজাত ৰামানুজন ওলাই গৈছিল ঘৰৰ পৰা। পিছত দুৰ্গন্ধ বিয়পি পৰাত প্ৰতিবেশীৰ খবৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ শুকুৰবাৰেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। আনহাতে দেওবাৰে ২.৩০ বজাত মৃতদেহ জিএমচিএইছ লৈ যোৱা হয় পোষ্টমৰ্টেমৰ বাবে। নিশাই ঘটনাস্থলীত চিআইডি,আৰক্ষীৰ লোক উপস্থিত আছিল। আছিল ফৰেনছিকৰ দলো।
আনহাতে সোমবাৰে হাতীগাঁও থানাত আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো অকনো অনুসূচনা নাই অভিযুক্ত ৰামানুজনৰ ৷ থানাত চৌহদত থকা পানীৰ টেপ খুলি পানী খাইছিল। আৰক্ষীৰ জেৰাত লোমহৰ্ষক হত্যাকাণ্ড কেতবোৰ কথাই সকলোকে আচম্বিত কৰি তুলিছে ৷ ৰামানুজে পত্নীক হত্যা কৰাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৷ মৃতদেহৰ কাষতে কান্দি কান্দি বহু সময় ধৰি অতিবাহিত কৰি পৰৱৰ্তী সময় ওলাই গৈছিল ৰামানুজ I
উল্লেখ্য যে ২০২৫ৰ ২২ ছেপ্টম্বৰত বিবাহপাশত আবদ্ধ হৈছিল দুয়োৰ ৷ প্রেম-বিবাহ হৈছিল ৰামানুজ-ৰিয়াৰ ৷ ৰামানুজে এজন যুৱকেৰে পৰকীয়া প্ৰেমৰ সন্দেহ কৰিছিল ৷ ইয়াকে লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল। অৱশেষত স্বামীয়ে নৃশংস হত্যাৰ বলী হয় পত্নী ৰিয়াক৷পত্নীক হত্যা কৰি পলিথিনত পৃথকে পৃথকে ভৰাই ফ্ৰীজত ৰাখিছিল শৰীৰ অংগ৷
স্মতৰ্ৱ্য যে ৰামানুজৰ ইমানেই বেছি খং উঠিছিল ৰিয়াৰ মৃতদেহতো কুকুৰক খুৱাৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে আৰক্ষীৰ বিস্ফোৰক তদন্তত এই তথ্য পোহৰলৈ আহিছে ৷ কোভিড কেন্দ্ৰীক পৰিস্থিতিৰ সময়ত এটিএম চুৰিৰ এক গোচৰত গৌৰীপুৰ থানাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।
উল্লেখযোগ্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড:জয়শ্ৰী গোস্বামীৰ ককায়েকৰ লৰা ৰামানুজ।
































