Dr.Bhupen Hazarika 100th anniversary:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ভাৰত ৰত্ন সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ আজি জন্ম -শতবাৰ্ষিকী৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সুধাকণ্ঠ গৰাকীৰসমাধিক্ষেত্ৰ জালুকবাৰীৰ সমন্বয় তীৰ্থত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয় জন্ম শতবাৰ্ষিকী অনুষ্ঠান ৷ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লোৱা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই সমাধিক্ষেত্ৰত উপস্থিত হৈ সুধাকণ্ঠক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিছতে ১০০ গৰাকী শিল্পীয়ে পৰিৱেশ কৰে ‘বিস্তীর্ণ পাৰৰে’শীৰ্ষক ড:ভূপেন হাজৰিকাৰ কালজয়ী গীতটি ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে ৷শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব সংগ্রহালয়টো।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,জ্যেষ্ঠ মন্ত্ৰীত্ৰয় বিশ্বজিং দৈমাৰী,জয়ন্তমল্ল বৰুৱাকৌশিক ৰায়,সুশান্ত বুঢ়াগোহাঁই, সাংসদদ্বয় দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী,বিধায়ক বিজয় গুপ্তা ৷






























