ADP 2026 Award:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা কৰিলে নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে। অসমৰ দুগৰাকী প্ৰথিতযশা লোকশিল্পীলৈ আগবঢ়োৱা হ’ব এই বঁটা৷ বিশিষ্ট লোকশিল্পী পখিলা লেকথেপী আৰু তৰাৱতী মিলিলৈ আগবঢ়োৱা হ’ব আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ২০২৬৷ অচিৰেই এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত দুয়ো গৰাকী লোকশিল্পীক আনুষ্ঠানিকভাৱে বঁটা দুটি আগবঢ়োৱা হ’ব বুলি সদৰি কৰিছে এডিপি কলেজ কৰ্তৃপক্ষই I
ADVERTISEMENT






























