Beltala Basisthapur Murder Update:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেশ কপাই যোৱা মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে৷ নিজ পত্নী ৰিয়া তালুকদাৰক শিৰচ্ছেদ কৰি শৰীৰৰ বিভিন্ন অংশ টুকুৰা টুকুৰ কৰা ঘাতক স্বামী ৰামানুজ গোস্বামী সাত দিনৰ বাবে আৰক্ষীৰ জিন্মাত খাৰ পিছতো হোৱা নাই কোনো অনুসূচনা ৷ বৰং চুগাৰ ডেডী বুলি কোনো এজনৰ নাম কৈ জেলৰ পৰা ওলাই আহি পুনৰ হত্যাৰ হুংকাৰ দিয়া ৰামানুজৰ উন্মাদপ্ৰায় চৰিত্ৰ লৈ চিন্তিত হৈ পৰিছে আৰক্ষী।
আনহাতে আৰক্ষীৰ জেৰাত ন ন তথ্য সদৰী কৰাৰ পিছত হাতীগাঁও আৰক্ষীয়ে ৰিয়া হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিবৰ বাবে তৎপৰ হৈ পৰিছে।৷সেই অনুসৰি বৃহস্পতিবাৰে পুৱাভাগত তদন্তকাৰী আৰক্ষীৰ দলে দণ্ডাধীশক লগত লৈ ক্রাইম চিন ৰিক্ৰিয়েচন পৰ্যবেক্ষণ কৰিব৷ ইতিমধ্যে এই সম্পৰ্কীয় যাৱতীয় অনুমতি জিলা প্ৰশাসনৰ পোৱা পিছত হত্যাকাৰী ৰামানুজ লগত লৈ আৰক্ষীয়ে বশিষ্ঠপুৰৰ ফ্লেটত ভিডিঅ’গ্ৰাফী কৰাৰ লগতে জব্দ কৰিব ফ্লেটৰ কেতবোৰ সামগ্ৰী ৷
ADVERTISEMENT





























