Dhubri:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ধুবুৰীৰ এগৰাকী চিকিৎসক ধন দাবী কৰাৰ অভিযোগত আটক হ’ল তিনি সাংবাদিক ৷ চিকিৎসক গৰাকীয়ে ধুবুৰী আৰক্ষী থানাত চাৰি সাংবাদিকে ধন দাবী কৰি অহাৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তিনি সাংবাদিকক আটক কৰে যদিও অভিযোগ উত্থাপিত হোৱা চতুৰ্থজন সাংবাদিক বৰ্তমানো পলাতক অৱস্থাত আছে ৷
ADVERTISEMENT































