Fancy Bazar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহনগৰীৰ ফাঁচী বজাৰত বুধবাৰে পৱাৰে পৰা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷ ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী পৌৰ নিগমে এম এছ পথ, এইচ বি পথক ন’ ভেণ্ডিং জ’ন ঘোষণাৰে পদপথৰ ব্যৱসায় নিষিদ্ধ কৰি দিয়াৰ বিৰুদ্ধে পদপথৰ ব্যৱসায়ী সকল তীব্ৰ ক্ষোভ প্ৰকাশ কৰি পথৰ মাজত অৱস্থান কৰি থকাৰ মাজত স্থানীয় কাউন্সিলাৰক আবদ্ধ কৰি জবাবদিহি কৰে৷পদপথত ব্যৱসায় কৰি পৰিয়ালক পোহপাল দি অহা এইসকল অতি ক্ষুদ্ৰ ব্যৱসায়ীক পেটেভাতে মৰাৰ যি পদক্ষেপ জিএমচিয়ে লৈছে তাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ হুংকাৰ দিয়ে পদপথৰ ব্যৱসায়ী সকল ৷
আনহাতে পদপথৰ ব্যৱসায়ীৰ এটা দলে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি জিএমচিৰ হথকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷
ADVERTISEMENT





























