Insurance of livestock:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বান বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সমান্তৰালভাৱে বিভিন্ন দুৰ্ঘটনা বা অচিন বেমাৰত মৃত্যু হয় অজস্ৰ পশুধনৰ৷এনেক্ষেত্ৰত এইবাৰ অসমত প্ৰথমবাৰৰ বাবে ৰূপায়ণ হ’ব পশুধনৰ বীমা৷ ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত মুকলি দিছে প্ৰায় ২১১ কোটি ৫০ লাখ টকা৷ আনহাতে অসম চৰকাৰে পশুধনৰ বীমাৰ মুঠ ব্যয়ৰ ১০ শতাংশ পুঁজি ব্যয় কৰিব ৷
উল্লেখ্য যে ২০২৬ বৰ্ষৰ হ’বলগীয়া পশুধন বীমাই সামৰি ল’ব ৰাজ্যৰ প্ৰায় ২,২৯,৬৪৬টা পশুধন৷ ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এক সূত্রই জানিব দিয়া মতে বীমাৰ বাবে পশুধনৰ গৰাকীয়ে আদায় দিব লাগিব ন্যূনতম ধন I
ADVERTISEMENT






























