ATASU Protest Rally in Sivsagar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::বৃহস্পতিবাৰে প্রতিবাদত কঁপি উঠিল সমগ্ৰ শিৱসাগৰ। শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত বৃহস্পতিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই বৰ্ডিং খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ এক বিশাল প্রতিবাদী সমদল উলিয়াই ৷ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে বানাক্রান্তক উচিত ক্ষতিপূৰণৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ – বতাহ মুখৰিত কৰি তোলে ৷
প্ৰতিবাদী সদমদলৰ পূৰ্বে বৰ্ডিং খেলপথাৰত আয়োজিত প্ৰতিবাদী সভাত উপস্থিত থাকি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন গগৈয়ে উদাত্ত কন্ঠৰে কয় যে,খিলঞ্জীয়াক আওকাণ কৰি বানাক্ৰান্তৰ ক্ষতিপূৰণ নিদিলে পৰৱৰ্তী সময়ত দিছপুৰত হ’ব প্রতিবাদ। প্ৰয়োজন সাপেক্ষে ঘোষণা কৰা হ’ব অসম বন্ধ। এই অসম বন্ধ হ’ব শিৱসাগৰবাসীৰ স্বাৰ্থত।’ বন্যাৰ্তৰ বাবে উচিত ক্ষতিপূৰণ দিবই লাগিব চৰকাৰে৷ একেদৰে উজনিৰ বানৰ প্ৰকৃত কাৰণ উলিওৱাৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰক চৰকাৰে ৷ সভাত আন কে’বাজনো বক্তাও ভাষণ দি চৰকাৰক অচিৰেই বানাক্রান্তক উপযুক্ত ক্ষতিপূৰণৰ দাবী তোলে৷ প্ৰতিবাদী সভাত স্থানীয় কে’বাটাও সংগঠনৰ লগতে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ নেতৃবৰ্গয়েও অংশ লয় ৷































