Bokajan:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যত পুৱাৰ ভাগতে কৰুণ ঘটনা ৷ একেলগে মৃত্যু ৩ কিশোৰৰ ৷ বোকাজান থানাৰ অন্তৰ্গত বৰমান্থি গাঁৱত পুখুৰীত পৰি তিনি শিশু কিশোৰৰ সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছাঁ বিয়পি পৰিছে ৷ জানিব পৰা মতে বুধবাৰে আবেলিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ কেইজনক পৰিয়াল আৰু স্থানীয় লোকে বিচাৰ খোচাৰ কৰিও বহু সময় তেওঁলোকৰ সন্ধান পোৱা নাছিল৷ পিছত গধূলি গাওঁখনত থকা এটা বৃহৎ পুখুৰীৰ পাৰত কিশোৰ কেইজনৰ পিন্ধি থকা কাপোৰ প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে ৷
পিছত কিশোৰ কেইজন পানীত ডুব যোৱাৰ সন্দেহ কৰি গাওঁবাসীয়ে পুখুৰীটোত অভিযান চলাই কিশোৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ কিশোৰ কেইটা বৰমান্থি গাঁৱৰে সুজিত গড়,গণেশ মেছ আৰু ৰোহিত পানিকা বুলি জানব পৰা গৈছে আৰু তেওঁলোকৰ বয়স সাত বছৰৰ পৰা ৯ বছৰৰ ভিতৰত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷































