Cachar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যত শেহতীয়াকৈ সংগোপনে অব্যাহত আছে সাৰৰ চোৰাং সৰবৰাহ ৷ বুধবাৰে নিশা কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ কৰে আৰক্ষীয়ে ৷ গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে লাইলাপুৰত এখন ট্ৰাকত অৰ্তকিতে তালাচী চলাই প্ৰায় ৫০০ বস্তা সাৰ জব্দ কৰে ৷ প্ৰতিটো বস্তাত আছিল প্ৰায় ৪৫ কেজিকৈ ইউৰীয়া সাৰ।
উল্লেখ্য যে চিমেণ্ট চালানৰ আঁৰ লৈ চোৰাংকৈ সাৰখিনি সৰবৰাহ কৰিছিল দুষ্ট চক্ৰই ৷ এই সংক্ৰান্তত সাৰ বোজাই অনা ট্ৰাক খনৰ চালক বাহাৰ উদ্দিনক আটক কৰে ৷ ধৃত চালকজনৰ ঘৰ ত্ৰিপুৰাৰ পানীসাগৰত ৷ ধৃত চালকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ সাৰ সৰবৰাহ কৰা মুল কাণ্ডাৰীক আটক কৰিবৰ বাবে আৰম্ভ কৰিছে অভিযান ৷






























