Chirang Accident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনে তিনি ঠাইত দুৰ্ঘটনা সংঘটিত কৰি আহত কৰিলে কেবাজনো লোকক। আমগুৰি থানাৰ ছেকেণ্ড অচি নিতু বৰুৱাই মদ্যপান কৰি তীব্ৰবেগত বাহন চলোৱাৰ ফলত কেবাঠাইতো দুৰ্ঘটনা সংঘটিত কৰে । প্ৰথমে আমগুৰি কলিয়াগাঁওত বাইকত খুন্দিয়ায় ফলত দুজন লোক আহত হয়।
তাৰ পৰা তীব্ৰবেগত ওলাই আহি ভৱানিপুৰত যাত্ৰীবাহী ই ৰিক্সাত খুন্দিয়াই যাৰ ফলত শিশু- মহিলা সহ তিনিজন লোক আহত হয় । তাতো খুন্দিয়াই পলায়ন কৰাৰ চেষ্টা কৰে যদিও তুলসিঝোৰাত আৰক্ষী বিষয়াজনক ৰাইজে ধৰিবলৈ সক্ষম হয় । তাৰ পৰা আমগুৰি থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে । তাৰপিচতে ঘটনাস্থলিত উপস্থিত হৈ জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰৱ বৰাই ৰাইজৰ সৈতে মত বিনিময়ৰ লগতে আহত সকলৰ খবৰ লয় । তাৰ পিচতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জনায় যে ,দোষী আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব। আনহাতে সুৰামত্ত আৰক্ষী উপ- পৰিদৰ্শক গৰাকীৰ বাহনৰ খুন্দাত আহত হোৱা লোক সকল হ’ল কাশেম আলী শিকদাৰ (৩১),ছাদ্দাম আলী শিকদাৰ (৩৪),ফুংলি বসুমতাৰী (৩১),সুকুবালা কলিতা(৩২) আৰু তিনি বছৰীয়া শিশু গীতাশ্ৰী কলিতা I































