Robbery incident in Ruphihat:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ বজাৰৰ পৰা গৃহাভিমুখী হোৱা ফকৰুল ইছলাম নামৰ ব্যৱসায়ী জনক ৰাজপথত ৩জনীয়া ডকাইতৰ দলে হঠাতে আগুচি ধৰি টকা ভৰ্তি বেগটো কাঢ়ি নিয়াৰ চেষ্টা কৰে ৷ পিছত ডকাইতৰ দলে লো ৰ’ডেৰে প্ৰহাৰ কৰি ব্যৱসায়ীজনৰ পৰা লুটি নিলে প্ৰায় ১ লাখ ৯০ হাজাৰ টকা ৷
ADVERTISEMENT
আনহাতে ৰাজপথত তেজেৰে তুমৰলি হৈ পৰি থকা ফকৰুল ইছলামক স্থানীয় লোকে ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলী পৰিদৰ্শন কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷































