BRICS Summit in New Delhi 2026 :
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নতুন দিল্লীত ১৩ আৰু ১৪ ছেপ্টেম্বৰত ভাৰত মণ্ডপমত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে নিশাই নতুন দিল্লীত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ৷
মস্কোৰ পৰা আহি ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত ভ্লাদিমিৰ পুটিনৰ বিশেষ বিমান অৱতৰণ কৰাৰ পিছতে ৰাষ্ট্ৰপতি গৰাকীক উস্ম আদৰণি জনাই বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৷
এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ প্ৰতিৰক্ষা, শক্তি, আৰু বাণিজ্যৰ বিষয়ে আলোচনা কৰাৰ কথা।
আনহাতে আজি ব্ৰিকছৰ অন্তভুৰ্ক্ত পাঁচ দেশৰ অন্যতম। ৰাষ্ট্ৰ চীনৰ ৰাষ্ট্ৰপতি জিনপিং,ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা ডা ছিলভা আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছা দিল্লীত উপস্থিত হ’বহি।
একেদৰে ব্ৰিকছৰ নতুনকৈ অন্তভুক্ত হোৱা ছয় দেশ ক্ৰমে ইজিপ্ত,ইথিঅ’পিয়া,ইৰাণ, সংযুক্ত আৰৱ আমিৰাত,ইণ্ডোনেছিয়া আৰু চৌদি আৰবীয়াৰ ৰাষ্ট্ৰ প্ৰধান সকলো নতুন দিল্লীত উপস্থিত হ’ব ৷
উল্লেখ্য যে ভাৰতে এইবাৰ BRICS সন্মিলনত সভাপতিত্ব কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷
ADVERTISEMENT






























