Illegal Parking Tax:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত বৃহস্পতিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাৰ্কিঙৰ নামত ৪০০ টকা দাবী কৰাক লৈ সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ ৷ এজন বাহনৰ গৰাকীৰ পৰা গাড়ী ৰখাৰ বাবদ ৪০০ টকা দাবী কৰাক লৈ পার্কিঙৰ কৰ সংগ্ৰাহক আৰু বাহনৰ গৰাকীৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় ৷ লেছীয়ে অনৈতিকভাৱে ধন সংগ্ৰহৰ অভিযোগ উদ্থাপিত হৈছে।
উল্লেখ্য যে পাণবজাৰ মহিলা থানাৰ সমীপতে সংঘটিত এই ঘটনা ৷ আৰক্ষীৰ ছত্ৰছায়াতে লেছীৰ অত্যধিক পাকিং কৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ কৰিছে ভুক্তভোগী লোকে ৷
ADVERTISEMENT






























