Sivsagar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমিত এএছপিৰ স’তে মুখ্যমন্ত্ৰীৰ বৈঠকত ড্ৰাগছ সৰবৰাহকাৰী সহ আন আন অপৰাধীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰস্থিতি গ্ৰহণৰ নিৰ্দেশ পোৱাৰ পিছতে ৰাজ্যজুৰি অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ বৃহস্পতিবাৰে শিৱসাগৰ আৰক্ষী জিলা বিভিন্ন স্থানত অৰ্তকিতে অভিযান চলাই আটক কৰে পাঁচটা কুখ্যাত চোৰক৷ ধৃত চোৰ কেইটা হ’ল ৰিতুপৰ্ণ বৰগোহাঁই, ৱাচিম আলী, নিকু গগৈ, ৰঞ্জিত গগৈ আৰু তিলক বৰগোহাঁই৷ আটকাধীন চোৰ কেইটাক আৰক্ষীয়ে আদালতত হাজিৰ কৰাই ন্যায়িক জিন্মাতলৈ প্ৰেৰণ কৰাত পাঁচোটা গভাইত চোৰক আদালতৰ পৰা জিলা কাৰাগাৰলৈ খোজ কঢ়াই নিয়ে ৷
ADVERTISEMENT






























