Big Scam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আকৌ শিৰোনামত বৰমা অলপতে ৫০ কোটি টকাৰ জিএছটি ফাকিৰ অভিযোগত বৰমাৰ তৃষ্ণা বৰ্মন নামৰ এগৰাকী যুৱতী গ্ৰেপ্তাৰ হোৱাৰ পাছতে বৰমাৰ এখন স্কুলৰ প্ৰাক্তন অধ্যক্ষাৰ নেতৃত্বত এটা দুষ্টক্ৰই সংঘটিত কৰা এটা বৃহৎ চাকৰি কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে।
চাকৰিৰ প্রলোভনৰে চক্ৰটোৱে ৭০ জন নিবনুৱা যুৱকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি কমেও ১৮ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি এই লুণ্ঠনত নেতৃত্ব প্ৰদান কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্রাক্তন অধ্যক্ষা অনুপমা দেবীয়ে। ইতিমধ্যে দুষ্টচক্ৰটোৰ এই কাণ্ড সম্পৰ্কত যোৱা ২০ আগষ্টতে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু হয় যদিও বাতৰি লিখা পর্যন্ত আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা নাই।
অভিযোগ অনুসৰি বিটিচিৰ প্ৰাক্তন মুৰব্বী প্রমোদ বড়োৰ নাম লৈ এই অসাধু চক্রই চাকৰিৰ এই বৃহৎ ক’লা বজাৰ চলায়। প্রাক্তন অধ্যক্ষা দেৱীয়ে কে’বাজনো যুৱক আৰু নিজৰ ভগ্নীক সহযোগী কৰি এই লুণ্ঠনৰাজ অবাধে চলায়। তেওঁৰ এই ভগ্নীগৰাকী হ’ল ৰাজ্যিক সমাজ কল্যাণ বিভাগত কৰ্মৰত দীপিকা দেবী (দুলু)।
শেহতীয়াভাবে হাতত জাপে জাপে টকা লৈ থকা অৱস্থাত দেৱীৰ ফটো ইণ্টাৰনেটত ভাইৰেল হয়। অভিযোগ অনুসৰি চক্ৰটোৱে অৱসৰপ্ৰাপ্ত অধ্যক্ষা দেৱীৰ প্ৰাক্তন ছাত্র ধ্রুবজ্যোতি হালৈৰ গুৱাহাটীৰ দিছপুৰ শাখাৰ ভাৰতীয় ষ্টেট বেংকত থকা একাউণ্টৰ জৰিয়তে এই কেলেংকাৰিৰ ধনৰ লেনদেন কৰে। ইয়াৰ বিনিময়ত চক্ৰটোৱে ধুৱজ্যোতিক কিছু পৰিমাণৰ ধন আদায় দিছিল।
এনেদৰে চক্ৰটোৱে চাকৰিৰ দালালিৰ বজাৰ চলায়। আনহাতে, চাকৰি দিব নোৱৰাত চক্ৰটোৱে ধ্ৰুৱজ্যোতিক মৰিবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পাছতে তেওঁ চক্ৰটোৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ দ্বাৰস্থ হয়। তেওঁৰ এজাহাৰৰ ভিত্তিত দেবীসহ পাঁচজনৰ বিৰুদ্ধে যোৱা ২০ আগষ্টত দিছপুৰ আৰক্ষী থানাত ০৬১৭ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬/২, ৩১৮/৪, ৩৩৬/৩ আৰু ৬১/২ ধাৰাত এটা গোচৰ ৰুজু হয়। সূত্রই জনোৱা মতে, গোচৰটোৰ তদন্ত উপ-পৰিদৰ্শক দিপাংকৰ চুতীয়াই কৰি আছে।
অভিযোগ অনুসৰি প্ৰাক্তন অধ্যক্ষা দেৱী নেতৃত্বাধীন অসাধু চক্রটোৱে প্রমোদ বড়োৱে বিটিচিৰ মুখ্য কার্যবাহী সদস্যৰূপে কার্যনির্বাহ কৰি থকা সময়ত ২০২৪ৰ পৰা বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্রলোভনৰে কমেও ৭০ জন যুৱকৰ পৰা ধন সংগ্ৰহ কৰে।
উল্লেখ্য যে বড়োৰ খুলশালীয়েকৰ স’তে বিবাহপাশত আবদ্ধ হৈছে দেৱীৰ পুত্র। ইয়াৰ সুযোগ লৈ তেওঁ চাকৰিৰ ক’লা বজাৰ গঢ়ি তোলে। চক্রটোরে লুণ্ঠন কৰা এই যুৱকসকল হ’ল বৰমা, পাটাছাৰকুছি, খাৰুৱাজান, জুলুকী, বৰমা কলেজৰোড, নলবাৰী আদিৰ। স্বাভাৱিকতে চাকৰি নোপোৱাৰ পাছত এই যুৱকসকলৰ হাহাকাৰ ধ্বনি উঠিছে।
ADVERTISEMENT































