Terrible road accident in Sonitpur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শোণিতপুৰৰ টুবুকীঝাৰত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল চাৰি যুৱকৰ৷ এখন তীব্ৰবেগী ট্ৰাকে বিপৰীতে দিশৰ পৰা আহি থকা চাৰিচকীয়া Eeco Van খনক প্ৰচণ্ড খুন্দা মৰাৰ ফলত পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে Eeco Van খন ৷ থিতাতে কৰুণ মৃত্যুক সাবটি লয় Eeco Van খনৰ পাঁচ আৰোহী ক্ৰমে নয়ন স্বৰ্গীয়াৰী, প্ৰাঞ্জল বণিয়া, হৰবিন্দ হাজোৱাৰী,সঞ্জয় মেছ আৰু লাটুমনি বৰা৷দুৰ্ঘটনাত নিহত আটাইৰে ঘৰ শোণিতপুৰৰ ওহনী পথাৰ বটাবাৰীত ।
উল্লেখ্য যে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকৰ খুন্দাত চাৰিচকীয়া বাহন খন সম্পূৰ্ণৰূপে বিধ্বস্ত হয়৷ নিশাই স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈ নিহত যুৱক কেইজনৰ ছিন্নবিছিন্ন মৃতদেহ উদ্ধাৰ কৰে৷ একেদৰে নিশাই আৰক্ষীয়ে মৃতদেহ কেইটা মৰনোত্তৰ পৰীক্ষাৰ বাবে টিএমচিএইছলৈ প্ৰেৰণ কৰে৷ সৰবৰহী যুৱক কেইজনৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰে সমগ্ৰ তেজপুৰ ৷ADVERTISEMENT
































