Yunuj Tamuli:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিভিন্ন বিতৰ্কিত মন্তব্যৰে সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা শিৱসাগৰৰ বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী হ’ব নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী ৷
এই সন্দৰ্ভত নিৰ্দলীয় প্ৰাৰ্থী ইউনুছ তামুলীৰ নিজৰ প্রতিক্রিয়া প্ৰকাশ কৰি কয়,মই জিকিলে নগাঁৱত সংখ্যালঘুৱে মূৰ দাঙি জীয়াই থাকিব পাৰিব ৷ সংখ্যালঘুক হাৰাশাস্তি কৰা সকলৰ ঘৰত চাহ খাই আজমলে। নগাঁৱত কিয় মুছলমান প্রার্থী দিবলৈ সাহস নহ’ল কংগ্ৰেছৰ ৷
সংখ্যালঘু ৰাইজৰ দুখ-দুৰ্গতি দেখি তেওঁলোকৰ স্বাৰ্থৰক্ষাৰ বাবে নিৰ্বাচন খেলাৰ মন বুলি উল্লেখ কৰি ইউনুছে কয়, অহা বুধবাৰে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব ৷
ADVERTISEMENT































