Akhil gogoi. Protest:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:চৰকাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে অনশনত বহিল অখিল গগৈ৷দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিনটোতে গনেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত ৩টা দাবীৰে প্রতিবাদত বহে শিৱসাগৰৰ বিধায়কজন । জনতা ভৱন, লাষ্টগে’টৰ উৰণ সেতুৰ তলত অনুমতি নোপোৱাত গণেশ মন্দিৰৰ সমীপতে হাতত পূব অসমৰ জলপ্ৰলয়ৰ ফটোগ্রাফ লৈ অনশনত বহা বিধায়কজন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷
সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ বিধায়কজনে কয়,পূৱ অসমৰ জলপ্ৰলয়ৰ ভুক্তভোগীক চৰকাৰে উচিত ক্ষতিপূৰণ দিব কেতিয়া ? কেতিয়া হ’ব মহাপ্রলয়ৰ বাবে জগৰীয়াসকলৰ বিৰুদ্ধে চিবিআইৰ তদন্ত ৷অমিত শ্বাহে কৈছিল পুখুৰী খান্দি অসমক বানমুক্ত কৰিব। ইয়াৰ বিপৰী তে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে পুখুৰী খান্দি অসমত জলপ্রলয় আনিলে। প্রধানমন্ত্রীয়ে এটা খবৰ নল’লে, টুইট নকৰিলে। পূব অসমৰ বানপীড়িতই ন্যায় নোপোৱালৈকে আমাৰ অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে ৷ গণতান্ত্ৰিক মূল্যবোধক সন্মান নজনোৱা চৰকাৰে আমাৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ বাবে অনুমতি পৰ্যন্ত নিদি কাৰ্যতঃ স্বৈৰাচাৰি চৰকাৰ খনে নিজৰ আচল ৰূপটো পুনৰ উদঙাই দিলে ৷ADVERTISEMENT































