ডুমডুমা, 22 ছেপ্টেম্বৰঃ মোবাইল টাৱাৰ আছে, কিন্তু নেটৱৰ্ক নাই! মাহে মাহে নিয়মীয়াকৈ ৰিচাৰ্জ কৰাৰ পিছতো পৰ্যাপ্ত মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱা লাভ নকৰাৰ অভিযোগে ডুমডুমাৰ বিভিন্ন অঞ্চলৰ Jio গ্ৰাহকৰ মাজত ক্ষোভ ক্ৰমাৎ বৃদ্ধি পাইছে। বিশেষকৈ ডুমডুমাৰ ফিল’বাৰী অঞ্চলৰ তৰাণী গাঁৱত স্থাপন কৰা Jio মোবাইল টাৱাৰটোক কেন্দ্ৰ কৰি আজি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ।
জানিব পৰা মতে, তৰাণী গাঁৱত থকা Jio মোবাইল টাৱাৰ পৰিদৰ্শনৰ বাবে ১৭ ছেপ্টেম্বৰত কোম্পানীটোৰ কেইগৰাকীমান লোক উপস্থিত হয়। কোম্পানীৰ লোকসকল অঞ্চলটোত উপস্থিত হোৱাৰ খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজে তেওঁলোকক আগুৰি ধৰি দীৰ্ঘদিনীয়া নেটৱৰ্ক সমস্যাৰ বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। ৰাইজে অভিযোগ কৰে যে বহুদিন ধৰি অঞ্চলটোত Jioৰ নেটৱৰ্ক সেৱা অতি দুৰ্বল হৈ আছে। কেতিয়াবা মোবাইলত নেটৱৰ্কৰ চিহ্ন দেখা গ’লেও ইণ্টাৰনেট সেৱা স্বাভাৱিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থা সৃষ্টি হয়।
স্থানীয় গ্ৰাহকৰ অভিযোগ অনুসৰি, তৰাণী অঞ্চলত Jioৰ টাৱাৰ স্থাপন হৈ থকাৰ পিছতো বহু সময়ত ফোন কল কৰাত অসুবিধা হয়। একেদৰে ইণ্টাৰনেট সেৱাৰ গতি অত্যন্ত কম হোৱা, নেটৱৰ্ক হঠাতে বিচ্ছিন্ন হোৱা আদি সমস্যাৰ সন্মুখীন হৈ আহিছে গ্ৰাহকসকল। ফলত নিয়মীয়াকৈ ৰিচাৰ্জ কৰি অহাৰ পিছতো গ্ৰাহকে প্ৰাপ্য সেৱা লাভ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে।
ইফালে বৰ্তমান সমগ্ৰ দেশতে 5G মোবাইল সেৱাৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সময়তে তৰাণী অঞ্চলত এতিয়াও উন্নত নেটৱৰ্ক সেৱা নোপোৱাক লৈও ৰাইজে প্ৰশ্ন উত্থাপন কৰে। স্থানীয় লোকসকলৰ বক্তব্য—গ্ৰাহকে প্ৰতিমাহে ৰিচাৰ্জৰ নামত ধন ব্যয় কৰি আহিছে, কিন্তু বিনিময়ত যদি নিৰৱচ্ছিন্ন আৰু পৰ্যাপ্ত নেটৱৰ্ক সেৱাই নাপায়, তেন্তে সমস্যাটোৰ দায়িত্ব কোনে ল’ব?
Jioৰ প্ৰতিনিধিসকলৰ সন্মুখতে স্থানীয় ৰাইজে দীৰ্ঘদিনীয়া সমস্যাটোৰ শীঘ্ৰে সমাধানৰ দাবী জনায়। ৰাইজৰ অভিযোগ, নেটৱৰ্ক সমস্যাৰ বিষয়ে পূৰ্বেও সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও সমস্যাটোৰ কোনো স্থায়ী সমাধান হোৱা নাই। কেৱল টাৱাৰ স্থাপন কৰি দায়িত্ব সামৰিলেই নহ’ব, টাৱাৰৰ জৰিয়তে গ্ৰাহকক প্ৰকৃততে পৰ্যাপ্ত নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱা প্ৰদান কৰিব লাগিব বুলি ৰাইজে স্পষ্ট কৰি দিয়ে।
ঘটনাস্থলীত উপস্থিত একাংশ স্থানীয় লোকে কয় যে অঞ্চলটোত নেটৱৰ্কৰ দুৰ্বলতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অনলাইন শিক্ষাৰ পৰা আৰম্ভ কৰি অনলাইন ব্যৱসায়, ডিজিটেল লেনদেন, অনলাইন ফৰ্ম পূৰণ, জৰুৰী ফোন কল, চিকিৎসাজনিত যোগাযোগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ কামত সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ জৰুৰী সময়ত ফোনযোগে যোগাযোগ কৰিব নোৱাৰিলে অধিক বিপদৰ সন্মুখীন হোৱাৰ আশংকা আছে বুলিও ৰাইজে উদ্বেগ প্ৰকাশ কৰে।
ৰাইজে লগতে অভিযোগ কৰে যে তৰাণীকে ধৰি ডুমডুমাৰ আশে-পাশে থকা কেইবাটাও অঞ্চলত Jio গ্ৰাহকে একেধৰণৰ নেটৱৰ্ক সমস্যাৰ সন্মুখীন হৈ আহিছে। সেয়ে কেৱল তৰাণী টাৱাৰটো পৰীক্ষা কৰাই নহয়, সমগ্ৰ অঞ্চলটোৰ নেটৱৰ্ক কভাৰেজ, টাৱাৰৰ কাৰ্যক্ষমতা আৰু ইণ্টাৰনেট সেৱাৰ মান পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ Jio কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে।
আনহাতে, 5G সেৱা প্ৰদানৰ দাবীক লৈও আজি তৰাণীত পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, তিনি ঘণ্টাৰ ভিতৰত 5G সেৱা উপলব্ধ নকৰিলে টাৱাৰত তলা লগাই বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ৰাইজে ঘোষণা কৰে। অৱশ্যে এই দাবী আৰু সিদ্ধান্তক লৈ পৰৱৰ্তী সময়ত Jio কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
স্থানীয় ৰাইজৰ বক্তব্য, গ্ৰাহকৰ পৰা নিয়মীয়াকৈ ৰিচাৰ্জৰ ধন গ্ৰহণ কৰাৰ লগতে উন্নত সেৱাৰ প্ৰতিশ্ৰুতি দিয়া হয় যদিও বাস্তৱক্ষেত্ৰত বহু অঞ্চলত গ্ৰাহকে নেটৱৰ্কৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সেয়ে গ্ৰাহকৰ সমস্যা গুৰুত্বসহকাৰে লৈ তৰাণী অঞ্চলত পৰ্যাপ্ত, শক্তিশালী আৰু নিৰৱচ্ছিন্ন মোবাইল নেটৱৰ্ক সেৱা নিশ্চিত কৰাৰ লগতে 5G সেৱা প্ৰৱৰ্তনৰ বাবে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ Jio কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।
এতিয়া প্ৰশ্ন হ’ল—টাৱাৰ থকাৰ পিছতো কিয় নেটৱৰ্কৰ এনে দুৰৱস্থা? মাহে মাহে ৰিচাৰ্জ কৰা গ্ৰাহকে উন্নত সেৱা কেতিয়া লাভ কৰিব? তৰাণীৰ ক্ষুব্ধ গ্ৰাহকৰ এই প্ৰশ্নৰ উত্তৰ আৰু সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে Jio কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়েহে ক’ব।































