দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দেশত বহুল চর্চিত সাৰ্বজনীন ভোটাধিকাৰ ব্যৱস্থাক দলিয়াই পেলাই জ্ঞানেশ কুমাৰৰ নিৰ্বাচন আয়োগে ২০২৪ৰ পৰাই নতুন প্রজন্ম তথা জেন-জি ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা নাছিল। সম্প্ৰতি ‘দ্য ইন্ডিয়ান এক্সপ্রেছ’-এ মুখ্য নির্বাচন আয়ুক্ত কুমাৰৰ অনেক কুকীর্তি ফাদিল কৰাৰ পাছত সম্প্ৰতি তেওঁৰ নতুন নতুন কুকাণ্ড পোহৰলৈ আহি আছে।
বৃহস্পতিবাৰে ‘ইক’নমিক টাইমছ’ কাকতে প্রকাশ কৰা এটা বাতৰি কুমাৰৰ কার্যকালত অভূতপূর্বভাবে জেন-জি ভোটাৰৰ নাম অন্তর্ভুক্তিত হেঙাৰ সৃষ্টি কৰা হয়। ইয়াকে কৰিবলৈ আয়োগে পৰম্পৰাগত এক বার্ষিক ভোটাৰ তালিকা পুনৰীক্ষণ প্রক্রিয়াও বন্ধ কৰে। এই বার্ষিক ভোটাৰ তালিকা পৰীক্ষণ প্রক্রিয়াক সাৰাংশ বিশেষ পুনৰীক্ষণ (এছএছআৰ) বুলি জনা যায়। ২০২৪ৰ জানুৱাৰীৰ পৰাই আয়োগে এই এছএছআৰ প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে। তাৰ পৰিৱৰ্তে দেশজুৰি বিতৰ্কৰ সূচনা কৰা ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ)ক লৈ আয়োগ তৎপৰ হয়। লক্ষ্যণীয়ভাৱে পূৰ্বৰে পৰা চলি অহা এছএছআৰ প্রক্রিয়াও অব্যাহত ৰাখিবলৈ নির্বাচন আয়ুক্তদ্বয় সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে জনোৱা দাবীকো মুখ্য নির্বাচন আয়ুক্তই আওকাণ কৰে।
‘ইক’নমিক টাইমছ’ৰ উক্ত বাতৰিত কোৱা হয়, ‘সান্ধু আৰু যোশীয়ে যুক্তি প্রদর্শন কৰিছিল যে বার্ষিক এছএছআৰ প্ৰক্ৰিয়াৰ স্থান এছআইআৰক দিয়া উচিত নহয়। নির্বাচন আয়োগৰ নিজা ভোটাৰ তালিকা হাতপুথি অনুসৰি নতুন যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰিব লাগে।’ ইয়াক লৈ আয়োগত হোৱা বিবাদৰ বাবে মুখ্য নির্বাচন আয়ুক্তই আইনজ্ঞৰ পৰামৰ্শ লৈছিল।
উল্লেখ্য যে বার্ষিক ভোটাৰ তালিকা পৰীক্ষণৰ জৰিয়তে নির্বাচন আয়োগে ফটোযুক্ত পৰিচয়পত্ৰ আৰু ভোটাৰ তালিকাত বিসংগতি থাকিলে সেয়া দূৰ কৰে। ইয়াৰ দ্বাৰা নতুন ভোটাৰৰ নামো ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হয়। কিন্তু কিয় এই পৰম্পৰাগত পদ্ধতি কুমাৰৰ দিনত আয়োগে বন্ধ ৰাখিলে সেয়া স্পষ্ট হোৱা নাই।
ইপিনে, মুখ্য নির্বাচন আয়ুক্ত কুমাৰৰ উদ্ভণ্ডালিয়ে কিমান সীমা চেৰাইছিল সেয়াও সম্প্রতি পোহৰলৈ আহিছে। উল্লেখ্য যে যোৱা ২১ ফেব্ৰুৱাৰীত প্রকাশিত গোৱাৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা ৯৭ জন যোগ্য ভোটাৰৰ নাম বাদ পৰে। ইয়াকে লৈ গোৱাৰ মুখ্য নির্বাচন বিষয়াই আয়োগৰ স’তে যোগাযোগ কৰে যদিও আয়োগৰ পৰা তেওঁ কোনো উত্তৰ নাপালে। আনকি সাত দিনত সাতটা ই-মেইল পঠায়ো নতুন দিল্লীস্থিত আয়োগৰ কাৰ্যালয়ৰ পৰা কোনো সঁহাৰি নাপালে।
উল্লেখ্য যে এই ৯৭ ভোটাৰৰ নাম অন্তর্ভুক্ত কৰিবলৈ স্বয়ং উচ্চতম ন্যায়ালয়েও নির্দেশ দিছিল। আশ্চর্যজনক যে ন্যায়ালয়ৰ এই নির্দেশ মুখ্য নির্বাচন আয়ুক্ত কুমাৰে হেলাৰঙে অবমাননা কৰে। পোহৰলৈ অহা তথ্য অনুসৰি এই ৯৭ ভোটাৰৰ নাম কিয় কর্তন হ’ল সেই কথা জানিব বিচাৰি যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ গোৱাৰ মুখ্য নির্বাচন বিষয়াই আয়োগৰ নতুন দিল্লীস্থিত কার্যালয়লৈ ই-মেইল প্ৰেৰণ কৰে। কিন্তু জ্যেষ্ঠ প্রশাসনিক বিষয়াজনৰো উত্তৰ দিয়াৰ প্রয়োজন বোধ নকৰিলে আয়োগৰ তথ্য প্রযুক্তি শাখাৰ সঞ্চালক প্রধান সীমা খান্নাই।
তেওঁ প্ৰেৰণ কৰা এই ই-মেইলৰ প্ৰতিলিপি গোৱাৰ উপ-নির্বাচন আয়ুক্ত জ্ঞানেশ ভাৰতীৰ ওচৰতো আছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে এছআইআৰৰ নামত কুমাৰে কেনেদৰে জধে মধে ভোটাৰ তালিকাৰ পৰা নাম কাটি ভোটাৰৰ অধিকাৰ হৰণ কৰি আহিছে।































