AsianGames2026 : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চলিত এছিয়ান গেমছত বিভিন্ন দেশৰ এথলীটেই পদক জয় কৰিছে। অথচ আগৰ দৰে পদকৰ তালিকাত আধিপত্য বিস্তাৰ কৰিছে চীনে। ইতিমধ্যেই চীনৰ এথলীটে অর্ধশতাধিক সোণৰ পদক জয় কৰিছে। ইয়াৰ বিপৰীতে ভাৰতে দুটাহে সোণৰ পদক পাবলৈ সক্ষম হৈছে।
চীনা এথলীটসকলৰ দক্ষতা প্রশ্নাতীত; কিন্তু প্রতিপক্ষক দুর্বল কৰাৰ বাবে চীনে পৃথক খেল খেলাৰ অভিযোগ উঠিছে। এক সাম্প্ৰতিক প্ৰতিবেদনৰ পৰাই এই বিষয়ত প্রশ্ন উত্থাপন হৈছে।
এছিয়ান গেমছত সততে ভাৰতীয় শ্বুটাৰৰ আধিপত্য থাকে। অৱশ্যে এইবাৰ ভাৰতীয় স্পুটাৰৰ প্রদর্শন আশাপ্রদ নহয়। বৃহস্পতিবাৰে এটা সোণৰ পদক পালেও বা শুটিঙত একাধিক পদক আহিলেও পূৰ্বৰ তুলনাত ভাৰতীয় শূটাৰ সফল হ’ব পৰা নাই।
অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকেৰে খালী হাতেৰে উভতিবলগীয়া হৈছে। আনহাতে, একাধিক ভাৰতীয় শ্বুটাৰে সোণ জয়ৰ কাষ চাপিলেও মূৰকত চীনা শুটাৰৰ বিপক্ষে পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছে।
উল্লেখ্য যে এছিয়ান গেমছৰ অব্যৱস্থাক লৈ প্রতিযোগিতা আৰম্ভহোৱাৰ আগৰে পৰাই অভিযোগ উঠিছিল। বিশেষকৈ ভাৰতৰ শ্বুটাৰসকলে থকাৰ স্থানক লৈ অনেক হাৰাশাস্তিৰ সন্মুখীন হয়। প্রাথমিকভাৱে কোনো কোঠা দিয়া হোৱা নাছিল ভাৰতীয় শ্বুটাৰসকলক।
প্রায় গোটেই নিশা তেওঁলোকে গেমছ চেণ্টাৰৰ লবীত অপেক্ষা কৰাৰ পাছত এখন হোটেলত ঠাই পাইছিল। অথচ পাছত গম পোৱা গ’ল যে তাতো বেলেগ এথলীটক ৰখা হৈছে। এনে পৰিস্থিতিতে মনঃসংযোগ হেৰুৱাই পেলাইছিল একাধিক ভাৰতীয় শ্বুটাৰে।
উল্লেখ্য যে ভাৰতৰ আন খেলৰো একাংশ ক্রীড়াবিদে জাপানত উপস্থিত হৈ হাৰাশাস্তিৰ সম্মুখীন হয়। কোনোবাই যদি মজিয়াত শুইছিল, আন কোনোবাই আকৌ বেলেগ দেশৰ দলৰ লগত থাকিবলৈ বাধ্য হয়।
এই পৰিস্থিতিতে পোহৰলৈ অহিছে হংকঙৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদন। তেওঁলোকে দাবী কৰিছে যে আয়োজক দেশ জাপান আৰু সেই দেশৰ মাটিতে প্রতিযোগিতা অনুষ্ঠিত হৈছে; কিন্তু এছিয়ান গেমছৰ লেকাম ধৰি আছে চীনে। ক’ব পাৰি যে বেইজিঙৰ আঙুলিৰ ইংগিততে প্রতিযোগিতাৰ একাধিক কর্মকাণ্ড সংঘটিত হৈছে। সম্প্ৰচাৰ, খেলৰ সৰঞ্জাম, উদ্বোধনী অনুষ্ঠানৰ পৰা আৰম্ভ কৰি অস্থায়ী বিদ্যুৎ সেৱা পর্যন্ত পৰিচালিত হৈছে চীনা সংস্থাৰ দ্বাৰা।
বিগত এছিয়ান গেমছ চীনত অনুষ্ঠিত হৈছিল। সেই আন্তঃগাঁথনিক কামত লগায়েই এইবাৰ জাপানতো কার্যতঃ আধিপত্য বিস্তাৰ কৰিছে চীনৰ একাধিক সংস্থাই। প্রয়োজনীয় অস্থায়ী বিদ্যুৎ সৰবৰাহ কৰিছে ‘ছাংহাই ইয়ুদে এনার্জি’য়ে। ভিডিঅ’ গেমতো এছিয়ান গেমছত একাধিক পদক আছে। সেই সমস্ত আন্তঃগাঁথনি চীনা সংস্থাসমূহৰ দখলত। তদুপৰি, বক্সিং, মল্লযুঁজ, জিমনাস্টিকছ, টাইকোৱান-ডো, উন্মু, জুজুৎসু, কাৰাটেৰ পৰা আৰম্ভকৰি আৰ্চাৰী, কমেও নবিধ খেলৰ সকলো অত্যাধুনিক সৰঞ্জাম যোগান ধৰিছে চীনা কোম্পানীয়ে।
চীনৰ আধিপত্য ইমানেই যে এছিয়ান গেমছৰ প্ৰতিখন স্টেডিয়ামত নিয়োজিত কৰ্মচাৰীসকলেও পৰিধান কৰিবলৈ বাধ্য হৈছে চীনা কোম্পানীৰ ল’গ’ থকা পোছাক। আয়োজক চহৰ আইচি-নাগোয়াৰ গৱৰ্ণৰ হিদেয়াকি অমুৰাওৱে উদ্বোধনী ভাষণ ৰখাৰ সময়ত চীনা ল’গ’ সন্নিবিষ্ট পোছাক পৰিধান কৰিছিল।
ইয়াৰ পাছতে প্রশ্ন উঠিছে যে ইমানখিনিলৈ চীনা নিৰ্ভৰতাৰ পাছত বাৰু আয়োজক জাপানে নিৰপেক্ষতা বজাই ৰাখিব পাৰিছেনে?
এথলীটসকলৰ দুর্ভোগ দেখিয়েই প্রশ্ন উঠিছে যে কেৱল অব্যৱস্থা-বিশৃংখলা, নে ইয়াৰ অন্তৰালত আন কোনো কাৰণ আছে? হংকঙৰ উক্ত সংবাদ মাধ্যমৰ প্ৰতিবেদনে সেই প্রশ্নই কৰিছে।




























