দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গড়লস্থিত ‘RUDRA’S KITCHEN’ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই লৈছে নতুন মোৰ । ঘটনাৰ তদন্তত আৰক্ষীয়ে আছিক আলী নামৰ ২৬ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে হোমষ্টেৰ গৰাকী জয়ন্ত সাথীকো আটক কৰে। আছিক আলী পেছাত ৰেপিড’ চালক।
ঘটনাৰ তদন্তৰ মাজতে পোহৰলৈ অহা দণ্ডাধীশৰ INQUEST REPORTক লৈও নতুন তথ্য প্ৰকাশ পাইছে। তথ্য অনুসৰি,প্ৰতিবেদনখনত যুৱতীগৰাকীৰ মুখ, হাত, মূৰকে ধৰি শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন আছে বুলি উল্লেখ আছে।
গোপন অংগত আঘাতৰ চিন থকাৰ দাবীও উত্থাপন হৈছে। অৱশ্যে এই আঘাতসমূহ কেতিয়া আৰু কেনেদৰে হৈছিল, সেই বিষয়ে এতিয়াও তদন্ত অব্যাহত আছে। মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গুৰুত্বপূৰ্ণ হ’ব।
প্ৰাপ্ত তথ্য অনুসৰি, সন্ধিয়া এজন বন্ধুৰ স’তে হোমষ্টেলৈ গৈছিল ছাত্ৰীগৰাকী। হোমষ্টেৰ কৰ্মচাৰীয়ে দুয়োকে ইয়াৰ পূৰ্বেও কেবাবাৰো দেখা পোৱাৰ কথা জানিব পৰা গৈছে। তদন্তত নিশা হোমষ্টেত দুয়োৰে মাজত সুৰাৰ পাৰ্টি চলাৰ কথাও পোহৰলৈ আহে। সেই নিশা ভাত আৰু কণীৰ তৰকাৰী অৰ্ডাৰ কৰা হৈছিল ।
উল্লেখ্য যে,ইয়াৰ পাছত নিশা প্ৰায় ২ বজাত আছিক আলীয়ে হোমষ্টেৰ ৰান্ধনিক দুৱাৰত ঢকিয়াই জগাইছিল । আনহাতে, যুৱতীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কৰা দাবী অনুসৰি, একে সময়তে প্ৰায় দুই বজাত মাতৃলৈ ফোন কৰিছিল ছাত্ৰীগৰাকীয়ে।
পিতৃৰ ভাষ্য অনুসৰি, ফোনত তেওঁ বুকুত গুৰিওৱা আৰু উশাহ ল’ব নোৱাৰাৰ কথা কৈছিল। পৰিয়ালৰ দাবী অনুসৰি, ফোনৰ সিমূৰত দুই-তিনিজন যুৱকৰ কথোপকথনো শুনা গৈছিল।
কিছু সময়ৰ পাছতে ছাত্ৰীগৰাকীৰ মোবাইল ফোনটো ছুইচ অফ হৈ পৰে। যোগাযোগ কৰিব নোৱাৰি পৰিয়ালে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত গড়লস্থিত হোমষ্টেৰ পৰা সংকটজনক অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰা হয়।
উদ্ধাৰৰ পাছত প্ৰথমে গড়ল PHEলৈ আৰু তাৰ পাছত উন্নত চিকিৎসাৰ বাবে GMCHলৈ নিয়া হয়। কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিশা প্ৰায় তিনি বজাত এম্বুলেঞ্চযোগে তেওঁক হাস্পতাললৈ নিয়া হয়।প্ৰাপ্ত তথ্য অনুসৰি,‘জোন’ নামৰ এজন ব্যক্তিয়ে ফোন কৰি এম্বুলেঞ্চ মাতিছিল । সেই সময়ত আছিক আলীও যুৱতীগৰাকীৰ স’তে আছিল ।
ইফালে, যুৱতীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, ঘটনাটোৰ উচিত তদন্ত এতিয়াও হোৱা নাই। পিতৃৰ ভাষ্য মতে, সন্ধিয়া প্ৰায় পাঁচ বজাত খাবলৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল যুৱতীগৰাকী। পাছত বান্ধৱীৰ স’তে হোষ্টেলত থকাৰ কথা পৰিয়ালক জনাইছিল বুলি পিতৃয়ে প্ৰকাশ কৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী আছিল যুৱতীগৰাকী। তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া কেবাটাও প্ৰশ্ন উত্থাপন হৈছে। হোমষ্টেত নিশা প্ৰকৃততে কি ঘটিছিল, শৰীৰত আঘাতৰ চিন কেনেদৰে আহিল, নিশা দুই বজাত ফোন কৰাৰ সময়ত তেওঁৰ স’তে কোন কোন আছিল আৰু ফোনকলৰ পাছতে কিয় মোবাইল বন্ধ হৈ পৰিছিল—এই সকলো বিষয় এতিয়া তদন্তৰ আওতাত।
ঘটনাটোক লৈ বিভিন্ন তথ্য আৰু দাবী পোহৰলৈ আহিছে যদিও সেইবোৰৰ সকলো এতিয়াও আৰক্ষী বা সংশ্লিষ্ট কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। সেয়ে মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনেই গুৰুত্বপূৰ্ণ হ’ব।






























