WebSeries : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শ্বাহৰুখ খানৰ বৰপুত্ৰ আৰিয়ান খানৰ পৰিচালনাত নেটফ্লিক্সৰ জনপ্রিয় ৱেব ছিৰিজ ‘দ্য বেছ অৱ বলিউদ’ৰ দ্বিতীয় সংস্কৰণ শীঘ্ৰেই আহিব।
এক প্রতিবেদন অনুসৰি, ২০২৭ৰ মাৰ্চতে আৰম্ভ হ’ব নতুন ছিজনৰ শুটিং। প্রথম ছিজনত যিসকল তাৰকাক দেখা গৈছিল, তেওঁলোক থাকিব বুলিয়ে আশা কৰা হৈছে। মুখ্য চৰিত্ৰত আৰমান সিঙৰ ৰূপত উভতিব লক্ষ্য আৰু কৰিশমা তালৱাৰৰ চৰিত্ৰত ছহৰ বম্বা।
তদুপৰি ববী দেউল, ৰাঘৱ জুয়াল, অনন্যা সিং, মোনা সিং, মনোজ পাহৱা, মনীষ চৌধুৰী ৰজত বেদী আদিকো নতুন ছিজনত দেখাৰ সম্ভাৱনা আছে। অৱশ্যে আৰু নতুন অভিনেতা-অভিনেত্ৰীক দেখা যাব নে নাই, সেয়া এতিয়াও নিশ্চিত নহয়।
উল্লেখ্য যে পৰিচালক আৰু চিত্ৰনাট্যকাৰৰূপে ‘দ্য বেছ অৱ বলিউদ’ আছিল শ্বাহৰুখ পুত্ৰৰ প্ৰথম পদক্ষেপ। পৰিকল্পনা আৰু পৰিচালনা তেওঁৰ নিজৰ আছিল।
আনহাতে, বিলাল ছিদ্দিকী আৰু মানৱ চৌহানৰ স’তে যৌথভাবে চিত্রনাট্য ৰচনা কৰিছিল আৰিয়ানে। শ্বাহৰুখৰ ‘ৰেড চিলিজ এণ্টাৰটেইনমেন্ট’ৰ বেনাৰত ছিৰিজটো প্রযোজনা কৰিছিল গৌৰী খানে। যোৱা বছৰৰ ছেপ্টেম্বৰত মুক্তি পোৱা প্ৰথম ছিজন সমাপ্ত হৈছিল বলিউদি কায়দাৰ কাহিনীৰ টুইষ্টৰে। অৱশ্যে দ্বিতীয় ছিজনৰ কাহিনীক লৈ মুখ খোলা নাই নির্মাতাসকলে।






























