AyushmannKhurrana : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰত-পাক সম্পর্ক এতিয়া অত্যন্ত তিক্ত। এনে অৱস্থাত পাকিস্তানৰ সংগীত বা অভিনয় শিল্পীও এই সময়ত ভাৰতত নিষিদ্ধ। এনে অৱস্থাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কৰ মাজত সোমাই পৰিছে প্রতিভাৱান অভিনেতা আয়ুষ্মান খুৰানা। প্ৰচুৰ সমালোচনাৰ মুখত পৰিছে অভিনেতাজন।
অৱশ্যে কোনো সভাত নহয়, বৰঞ্চ এখন ছবিতহে তেওঁ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়ে। ছবিখনৰ কাহিনী অনুসৰি, স্মৃতিভ্রংশ হোৱাৰ পাছত পাকিস্তানৰ এজন গুপ্তচৰে এক গোগন অভিযানত ভাৰতলৈ আহি নিজকে ভাৰতীয় এজেন্ট বুলি ভাবিবলৈ আৰম্ভ কৰে। সেই ছবিৰে এক সংলাপত আয়ুষ্মানৰ মুখত শুনা গ’ল ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি। ছবিখনৰ নাম ‘উড়তা তীৰ’।
কিছুদিনৰ পূৰ্বে ছবিখনৰ ট্ৰেইলাৰ প্ৰকাশ পায়। তাতেই পাকিস্তানী গুপ্তচৰৰ ভূমিকাত দেখা গৈছে আয়ুষ্মানক। বহুতেই সমালোচনা কৰিছে যে ভাৰতক বাৰে বাৰে ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা এখন দেশৰ গৈ গৰজি উঠিবলৈ অভিনেতাজনৰ বিন্দমাত্রও বিবেক দংশন নহ’ল নেকি?
ইয়াৰ পাছতে এই বিষয়ত মুখ খুলিলে অভিনেতাজনে। আয়ুষ্মানৰ বক্তব্য হ’ল এজন পেছাদাৰ অভিনেতাৰূপে চিত্রনাট্যৰ প্ৰয়োজনত তেওঁ যিকোনো কাম কৰিবলৈ প্ৰস্তুত। তেওঁ কয় যে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি চিত্রনাট্যৰেই অংশ। আয়ুষ্মানে কয়, ‘এজন অভিনেতাৰূপে আপুনি সকলোবোৰ কৰাৰ বাবে প্রস্তুত থাকিব লাগিব। প্রায় সকলো স্পাই ছবিতেই এই ধৰণৰ সংলাপ থাকে। অৱশ্যে আমাৰ ছবি ‘উড়তা তীৰ’ৰ লগত আন ছবিসমূহৰ পাৰ্থক্যটো হৈছে এইখন এখন স্পাই কমেডী। লগতে চিত্রনাট্যই যি দাবী কৰিব, মই সেয়াই কৰিম।’






























