ISSFWorldCup : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হায়দৰাবাদৰ এগৰাকী ন বছৰীয়া কিশোৰীয়ে ২০১৪ত পিষ্টল হাতত তুলি লৈছিল। সেই কিশোৰীগৰাকীয়েই সোমবাৰে ২৫ মিটাৰ পিষ্টলৰ বিশ্ব অভিলেখধাৰী আৰু এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী। তেওঁ হৈছে ভাৰতীয় স্পুটাৰ ঈশা সিং।
চলিত এছিয়ান গেমছত পাঁচটাকৈ ৰোমাঞ্চকৰ শ্বুট-অফৰ অন্তত ব্যক্তিগত ৰূপৰ পদক জয় কৰি পুনৰ নিজৰ দক্ষতাৰ পৰিচয় দিলে ঈশাই।
২০০৫ৰ পহিলা জানুৱাৰীত হায়দৰাবাদত জন্মগ্রহণ কৰা ঈশাৰ পিতৃ সচিন সিং ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেলী চালক আছিল। শ্বুটিংৰ পূৰ্বে গো-কার্টিং, টেনিছ, বেডমিন্টন আৰু স্কেটিঙতো হাত দি চাইছিল তেওঁ। ২০১৪ত পিতৃৰ স’তে গাচিবাউলি শুটিং ৰেঞ্জলৈ যোৱাৰ পৰাই আৰম্ভ হয় তেওঁৰ শ্বুটিং যাত্রা।
২০১৫ত ১০ মিটাৰ এয়াৰ পিষ্টলত তেলেংগানা ৰাজ্যিক চেম্পিয়নশ্বিপ জয় কৰাৰ পাছত ২০১৮ত মাত্র ১৩ বছৰ বয়সতে জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়ন হয় ঈশা।
৬২ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টলত ২৪১.০ স্ক’ৰ কৰি সোণৰ পদক জয় কৰাৰ লগতে ইউথ আৰু জুনিয়ৰ শাখাতো সোণ লাভ কৰে। ইয়াৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ঈশাৰ সাফল্য অব্যাহত থাকে।
২০২৩ৰ হাংঝৌ এছিয়ান গেমছত ২৫ মিটাৰ পিষ্টলৰ ব্যক্তিগত শাখাত ৰূপ আৰু দলীয় শাখাত সোণসহ মুঠ চাৰিটা পদক জয় কৰে। ২০২৪ৰ পেৰিছ অলিম্পিকতো তেওঁ ভাৰতক প্রতিনিধিত্ব কৰে।
২০২৬ৰ ২৭মে’ত মিউনিখত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপৰ ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত ৪৩টা হিটৰ স্ক’ৰ কৰি বিশ্ব অভিলেখ গঢ়ে ঈশাই। এই প্ৰদৰ্শনেৰে তেওঁ সোণৰ পদকো জয় কৰে। আই এছ এছ
এফৰ চৰকাৰী অভিলেখত ৪৩ হিট বিশ্ব অভিলেখৰূপে নথিভুক্ত হৈছে। শেহতীয়াকৈ এছিয়ান গেমছৰ ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত ঈশাই তীব্র প্রতিদ্বন্দ্বিতাৰ মাজেৰে ৰূপৰ পদক জয় কৰে। এটা সময়ত চতুর্থ স্থানলৈ পিছলি যোৱাৰ পাছতো তেওঁ দর্শনীয় প্রত্যাবর্তন কৰে।
৫০টা শ্বুটৰ পাছত চীনৰ জিয়াৰুইছুয়ান জিয়াওৰ স’তে পইন্ট সমান হোৱাত সোণ-ৰূপৰ নিৰ্ণয়ৰ বাবে দুটা শ্বুট-অফ অনুষ্ঠিত হয়। প্রথমটো ৪-৪ত সমাপ্ত হোৱাৰ পাছত দ্বিতীয়টোত ২-৩ ব্যৱধানত পৰাস্ত হয় ঈশা। ইয়াৰ পূৰ্বে ব্ৰঞ্জৰ নিৰ্ণয়ৰ বাবে উত্তৰ কোৰিয়াৰ কিম হিয়ন ছুকৰ বিৰুদ্ধে তিনিটা শূট-অফৰ অন্তত জয়ী হৈ ৰূপ নিশ্চিত কৰিছিল তেওঁ।






























