India-Myanmar Border:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ ৷ আছাম ৰাইফলছৰ টহলদাৰী গোটৰ ওপৰত হঠাতে আক্ৰমণ কৰে NSCN(KYA)এ ৷ আছাম ৰাইফলছৰ আৰু নগা বিদ্ৰোহী সংগঠন NSCN(KYA}ৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী I এই গুলীয়াগুলীত গুৰুতৰ ভাৱে আহত হয় অসম ৰাইফলছৰ হাবিলদাৰ ৷ আহত হাবিলদাৰজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত হাবিলদাৰজনৰ নাম জান খোকাই কুকি I

আনহাতে এই ঘটনাৰ পিছতে ভাৰত-ম্যানমাৰ সীমান্তত তীব্র উত্তেজনা বৃদ্ধি পায় ৷ NSCN(KYA) ৰ সন্ধানত গভীৰ অৰণ্যত অসম ৰাইফলছে আৰম্ভ কৰিছে ব্যাপক অভিযান ৷
ADVERTISEMENT






























