Meghalaya Fire:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ পূব জয়ন্তীয়া হিলছৰ উমকিয়াঙৰ সমীপৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা ভয়ংকৰ ঘটনা সংঘটিত হয়। চলন্ত অৱস্থাত থকা যাত্রীবাহী ইকো বাহন এখনৰ ওপৰত হঠাতে খহি পৰে হাইভল্টেজ বৈদ্যুতিক তাঁৰ ৷ মুহূৰ্ততে ৰাজপথতে দপদপাই জ্বলি উঠিল ইকো বাহনখন ৷ সম্পূর্ণৰূপে জ্বলি ভস্মীভূত হয় যাত্রীবাহী ইকো বাহনখন I আনহাতে বাহন খনত থকা ছয়গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে ৷ পিছত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপকৰ গাড়ী উপস্থিত হৈ বাহন খনৰ জুই নিৰ্বাপন কৰে ৷
ADVERTISEMENT






























