Krishi Bhawan in Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ খানাপাৰাস্থিত কৃষি ভৱনত বৃহস্পতিবাৰে পুৱাই লাগিল হুৱাদুৱা ৷ কৃষি সঞ্চালকালয়ৰ কৃষি ভৱনৰ প্ৰথম মহলাৰ বাথৰুমত উদ্ধাৰ হয় ৰক্তাক্ত মৃতদেহ৷ পুৱাই কাৰ্যালয়ত উপস্থিত হোৱা কৰ্মচাৰীয়ে বাথৰুমলৈ যাওঁতে ভিতৰত এটা ৰক্তাক্ত মৃতদেহ দেখি চিঞৰ – বাখৰ কৰে৷ লগে সেই সময়ত তাত থকা আন কৰ্মচাৰী সকলো উপস্থিত হৈ ৰক্তাক্ত মৃতদেহটো চিনাক্ত কৰে৷ মৃতদেহটো কৃষি সঞ্চালকালয়ৰে জ্যেষ্ঠ সহায়ক ৰঞ্জয় বৰুৱা ৷ বৰুৱা কৃষি সঞ্চালকালয়ৰ চৌহদত থকা আবাসৰে আবাসী আছিল৷বুধবাৰে বিয়লি প্রায় ৫ বজাত কৃষি বিভাগৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত ৰঞ্জয় বৰুৱাক শেষবাৰৰ বাবে দেখা পোৱা গৈছিল বুলি সতীৰ্থ কৰ্মচাৰীয়ে উল্লেখ কৰে৷ ইয়াৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল।

বৃহস্পতিবাৰে কৃষি ভৱনৰ প্ৰথম মহলাৰ বাথৰুমত ৰক্তাক্ত অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। মৃত ৰঞ্জয় বৰুৱাৰ ঘৰ শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৷ আনহাতে কৃষি সঞ্চালকালয়ৰ কৰ্মচাৰীৰ সন্দেহ ৰঞ্জয় বৰুৱাক হত্যা কৰি এইদৰে পেলাই থৈ গৈছে কোনো দুৰ্বৃত্তই
ইতিমধ্যে ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ দল আৰু ফৰেনছিকৰো দল উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷































