BharatGas : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এলপিজি গ্ৰাহকৰ বাবে আছে ভাল খবৰ। হাতত পর্যাপ্ত ধন নাথাকিলেও ভাৰত গেছৰ ৰিফিল লোৱাৰ ক্ষেত্ৰত ৬০০ টকালৈকে মাইক্ৰ’ লোন লাভ কৰিব পাৰিব। শেহতীয়াকৈ ভাৰত পেট্ৰ’লিয়াম নামৰ সংস্থাটোৱে এই সুবিধাৰ বিষয়ে সামাজিক মাধ্যমত প্রকাশ কৰিছে।
প্রকাশিত তথ্য অনুসৰি, এই মাইক্ৰ’ লোনৰ ওপৰত কোনো সুত নাথাকে আৰু ধনখিনি ১০০ টকাকৈ ছটা সাপ্তাহিক কিস্তিত পৰিশোধ কৰিব লাগিব। অর্থাৎ মুঠ ৬০০ টকা ছয় সপ্তাহত পৰিশোধ কৰিব লাগিব।
এই সুবিধা Buy Now, Pay Later (BNPL) পদ্ধতিৰ ভিত্তিত আগবঢ়োৱা হৈছে।এই সুবিধাৰ জৰিয়তে হঠাৎ এলপিজি চিলিণ্ডাৰ শেষ হৈ যোৱাৰ সময়ত একেলগে সম্পূর্ণ ধন যোগাৰ কৰিব নোৱাৰিলেও
ৰিফিল লোৱাৰ সুযোগ পাব পাৰে।
অৱশ্যে এই সুবিধা সকলো গ্রাহক বা সকলো ভাৰত গেছ বিতৰকৰ ক্ষেত্ৰত উপলব্ধ বুলি নিশ্চিত কৰা হোৱা নাই। সেয়ে সুবিধাটো লাভ কৰিব বিচৰা গ্রাহকে নিজৰ ভাৰত গেছ বিতৰকৰ স’তে যোগাযোগ কৰি উপলব্ধতা, যোগ্যতা আৰু অন্যান্য চৰ্তৰ বিষয়ে নিশ্চিত কৰি লোৱাটো জৰুৰী।






























