Medicinal flowers : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শৰতৰ আগমনৰ লগে লগে শুভ্র শেৱালি ফুলৰ আমোলমোল গোন্ধ নাকত স্পৰ্শ কৰিলে মনটো পুলকিত হয়। পিছে এইবিধ ফুলৰো আছে ঔষধি গুণ।
কাহৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মীয়াকৈ শেৱালি ফুল ব্যৱহাৰ কৰক। এইবিধ ফুল শুকাই থ’ব পাৰি। তদুপৰি গুড়ি কৰিও ৰাখিব পাৰি। বহুতে শেৱালি ফুলৰ বৰা ৰান্ধি খায়। ইয়ে ঠোঁটৰ প্রদাহো প্রশমিত কৰে।
জ্বৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো শেৱালিৰ ভূমিকা গুৰুত্বপূর্ণ। ইয়াত থকা এন্টিছেপ্টিক গুণৰ বাবে জ্বৰ আদিৰ পৰা সাৰিব পাৰি।
মেলেৰিয়াৰ লক্ষণ প্রতিহত কৰাতো ইয়াৰ ভূমিকা আছে।
শেৱালিৰ পৰা প্ৰস্তুত কৰা তেলেৰে গা সদায় মালিচ কৰিলে মানসিক চাপ আৰু হতাশাৰ পৰা হাত সাৰিব পাৰি।
এইবিধ ফুল এন্টিবেক্টেৰিয়েল গুণ সমৃদ্ধ। কিছুমান শৰীৰৰ বাবে অপকাৰী বেক্টেৰিয়া ধ্বংস কৰিব পৰা উপাদান থাকে।
ছালখন মসৃণ কৰাৰ লগতে বিভিন্ন ধৰণৰ চৰ্মৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ।
আর্থ্রাইটিছ আদি ৰোগৰ পৰাও হাত সাৰিব পাৰি।
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা বিভিন্ন ধৰণৰ উপাদান পোৱা যায়।
চুলি উজ্জ্বল, মসৃণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
শেৱালিফুল ভালদৰে ৰ’দত শুকাই থ’লে বহুদিনলৈ থাকে। মাজে মাজে ৰ’দত দিলে ভেঁকুৰ আদিয়ে গা কৰি উঠাৰ আশংকা নাথাকে।































