Zubeen Garg Murder Case:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই আজি পুনৰ মুখ থেকেচা খালে সৰ্বোচ্চ ন্যায়ালয়ত ৷ আজি গোচৰৰ ৰায়দান আছিল যদিও আদালতে পুনৰ শুনানিৰ দিন ধাৰ্য কৰে নৱেম্বৰৰ প্ৰথম সপ্তাহত ৷
উল্লেখ্য যে ছিংগাপুৰৰ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ আমন্ত্ৰণক্ৰমে জুবিন গাৰ্গ ২০২৫ বৰ্ষৰ ১৭ ছেপ্তেম্বৰত উপস্থিত হৈ ১৯ ছেপ্তেম্বৰত ৰহস্যজনকভাৱে সমুদ্ৰ বক্ষত কৰুণ মৃত্যুক সাবটি লয় ৷ হাৰ্ট থ্ৰৱ জুবিন গৰাকীৰ ৰহস্যজনক মৃত্যুৱে পিছত সমগ্ৰ অসম শোকত ভাগি পৰে ৷ পৰৱৰ্তী সময়ত জনপ্ৰিয় শিল্পী গৰাকীৰ পত্নী গৰিমা গাৰ্গ সহ অগনন অনুৰাগীয়ে শ্যামকানু মহন্ত সহ সাতজনৰ বিৰুদ্ধে হত্যাকাণ্ড গোচৰ ৰজু হয় ৷
আনহাতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু কাণ্ডৰ পিছৰে পৰা আত্মগোপন কৰে শ্যামকানু মহন্তই। মহন্তৰ গ্ৰেপ্তাৰৰ দাবীত হাজাৰ হাজাৰ জুবিন অনুৰাগী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ অৱশেষত জুবিনৰ ৰহস্য জনক মৃত্যু ঘটনাৰ এঘাৰ দিনৰ পিছত বিগতবৰ্ষৰ ১ অক্টোবৰত দিল্লীত চিআইডি আৰু এছআইটিয়ে গ্ৰেপ্তাৰ কৰে শ্যামকানু মহন্ত ৷ পৰৱৰ্তী সময়ত অসমলৈ আনি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰি বাকসা জেললৈ প্ৰেৰণ কৰে। বৰ্তমান মহন্ত বাকসা জিলা কাৰাগাৰতে বন্দী হৈ আছে৷
আনহাতে কাৰাৰুদ্ধ শ্যামকানু মহন্তই জামিনৰ বাবে একাদিক্ৰমে ফাষ্টট্ৰেক আদালত দ্বাৰস্থ হয় যদিহে আদালতে জামিন নাকচ কৰে ৷ ইয়াৰ পিছত দ্বাৰস্থ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ কিন্ত চলিতবৰ্ষৰ ২৯ মে’ত আদালতে জামিন নাকচ কৰে ৷ পৰৱৰ্তী সময়ত শ্যাম কানু মহন্তই ১০ জুনত জামিন আবেদন দাখিল কৰে উচ্চতম ন্যায়ালয়ত ৷ এই সন্দৰ্ভত ন্যায়াধীশ বি.ভি. নাগাৰত্না আৰু জয়মাল্য বাগচীৰ দুজনীয়া বিচাৰপীঠে অসম চৰকাৰক জাননী জাৰি কৰি ৩ সপ্তাহত উত্তৰ বিচাৰিছিল আৰু সেই অনুসৰি ২৩জুনত হৈছিল প্ৰথম শুনানি ৷
আনহাতে অসম চৰকাৰে আদালতে বিচৰা সকলো তথ্য আদালতত দাখিলৰ পিছতে ৫ অক্টোবৰ অৰ্থাৎ সোমবাৰৰ দিনটো শুনানিৰ দিন ধাৰ্য কৰে৷ কিন্ত আজি আদালতে কোনো শুনানি গ্ৰহণ নকৰি পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে নৱেম্বৰৰ প্ৰথম সপ্তাহত ৷ সেই দিনাই শ্যামকানু মহন্তৰ জামিনৰ ৰায়দান দিয়াৰ সম্ভাৱনা আছে ৷
ADVERTISEMENT



































