OriginOfLifeResearch : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কোটি কোটি বছৰৰ পূৰ্বে পৃথিৱীত হয়তো আছাৰ খাই পৰিছিল এটা উল্কা। সেই উল্কাতেই আছিল এক কণা শৰ্কৰা বা চেনিৰ দানা। সেই চেনিৰ দানাই হয়তো পৃথিৱীলৈ প্রাণ অনাত সহায় কৰিছিল। দীর্ঘ গৱেষণাৰ অন্তত এই ধাৰণাই কৰিছে একাংশ বিজ্ঞানীয়ে।
জীৱবিদ্যাত যাক সবাতোকৈ গুৰুত্বপূৰ্ণ পৰমাণু বুলি কোৱা হয়, সেয়া হৈছে আৰএনএ। জীৱৰ শৰীৰত এই আৰএনএৰ এটা অংশই তৈয়াৰ কৰে ৰিবোছ (পাঁচ-কাৰ্বন বিশিষ্ট শৰ্কৰা বা চেনি)ৰ দৰে জৈৱ শৰ্কৰা; কিন্তু ৰাসায়নিকভাৱে এই ৰিবোছ ভংগুৰ। সহজেই ভাঙি যায়।
সেয়ে একাংশ বিজ্ঞানীয়ে প্রশ্ন তুলিছিল যে কিদৰে এই ৰিবোছ দীর্ঘ সময় তিষ্ঠি আছিল আৰু তাৰ পাছত প্রাণ সৃষ্টিত অংশগ্ৰহণ কৰিছিল।
‘ছায়েন্টিফিক ৰিপ’ৰ্টছ’ত প্রকাশিত এক প্রতিবেদন ‘দ্য ইনফ্লুৱেন্স অৱ ৰিবোছ অন বোৰেট মিনাৰেল ছলিউবিলিটি’। এই প্রতিবেদনতেই বিজ্ঞানীসকলৰ প্ৰশ্নক লৈ আলোচনা কৰা হৈছে। ৰিবোছ শৰ্কৰা আৰু বোৰেট খনিজৰ মাজত কি সম্পর্ক, সেয়াও বিচাৰি উলিওৱাৰ চেষ্টা কৰা হৈছে।
বিজ্ঞানীসকলে গৱেষণাত দেখিছে যে উল্কাত থকা জৈৱ শৰ্কৰা ৰিবোছ অকলে নাছিল। লগত আছিল খনিজ পদার্থ বোৰেট। বোৰেট পানীত মিলি যায়; কিন্তু সেই বোৰেট আৰু ৰিবোছৰ মিশ্ৰণ হ’লে সেয়া সহজে ক্ষয়ীভূত নহয়।
বিজ্ঞানীসকলৰ মতে, এই দুইৰ মিশ্ৰণৰ দীর্ঘদিন পৃথিৱীৰ বুকুত তিষ্ঠি আছিল ৰিবোছ শৰ্কৰা। মিশ্ৰণটোৱে শৰ্কৰাৰ ৰক্ষাকবচৰূপে কাম কৰিছিল। সেই সুৰক্ষাৰ কাৰণে পৃথিৱীৰ বুকুত দীর্ঘদিন তিষ্ঠি আছিল ৰিবোছ শৰ্কৰা। তাৰ পাছত ক্রমে জন্ম হৈছিল জীৱৰ।
আৰএনএই জিনৰ সংকেত বহন কৰে। এই সংকেতবোৰ নাইট্ৰ’জেন বেছসমূহৰ সুনির্দিষ্ট বিন্যাসৰ মাজত থাকে। ৰিবোছক আৰএনএৰ মেৰুদণ্ড বুলি ক’ব পাৰি। সৃষ্টিৰ আদিতে এই শৰ্কৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰএনএৰ গঠন এডাল শিকলিৰ দৰে। এই শিকলিৰ মূল গাঁথনিটো তৈয়াৰ হয় ৰিবোছ শৰ্কৰা আৰু ফছফেট গ্ৰুপৰ পৰ্যায়ক্রমিক সংযোগৰ মাধ্যমেৰে।
এটা ৰিবোছৰ স’তে ফছফেট যোগ হৈ পাছৰ ৰিবোছৰ স’তে সংযোগ তৈয়াৰ কৰে। ৰিবোছৰ ৰাসায়নক গঠনৰ কাৰণেই ডিএনএৰ তুলনাত আৰএনএ অনেক বেছি সক্রিয়। সেই কাৰণে তেওঁলোকে সহজে কোষত প্ৰ’টিন তৈয়াৰৰ প্ৰক্ৰিয়া পৰিচালনা কৰিব পাৰে। ৰাসায়নিক বিক্ৰিয়াৰ অনুঘটকৰূপে কাম কৰে।
উল্কাপিণ্ডত পোৱা ৰিবোছ শৰ্কৰাটো হৈছে সেই ভিত্তি, যাৰ ওপৰত ভৰ কৰি আদিম পৃথিৱীত জীৱনৰ প্ৰথম জিনগত উপাদান আৰএনএ গঢ়ি উঠিছিল বুলি বিজ্ঞানীসকলে ধাৰণা কৰে।
বিজ্ঞানীসকলে এই গৱেষণাত দেখিছে যে কেৱল পৃথিৱীতেই নহয়, বাহিৰৰ গ্ৰহতো থাকিব পাৰে প্ৰাণৰ উপাদান। ১৯৬৯ত অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত আছাৰ খাই পৰিছিল এটা উল্কা। সেইটো পৰীক্ষা কৰি তাৰ উপাদানসমূহ বুজিছিল বিজ্ঞানীসকলে। ২০২৫ত বেন্নু নামৰ এটা উল্কাৰ নমুনা পৰীক্ষা কৰি তাত শৰ্কৰাৰ উপস্থিতি লক্ষ্য কৰে বিজ্ঞানীসকলে। তাৰ পাছতে আৰম্ভ হয় পৰীক্ষা-নিৰীক্ষা।
বিজ্ঞানীসকলৰ ধাৰণা হয় যে পৃথিৱীৰ বাহিৰৰ ক’ৰবাৰ পৰাও হয়তো এই গ্রহলৈ প্ৰেৰণ কৰা হ’ব পাৰে জীৱনৰ অণুৰ অন্যতম উপাদান শৰ্কৰা। অৱশ্যে এই বিষয়ত তেওঁলোক নিশ্চিত হ’ব পৰা নাই। পৃথিৱীত আহি পৰা উল্কাৰ পৰাই প্ৰাণৰ জন্ম হৈছিল নে নাই, সেয়া এতিয়াও পৰীক্ষা কৰি আছে বিজ্ঞানীসকলে।































