LovlinaBorgohain : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ‘২০২৪ৰ পেৰিছ অলিম্পিকত বিফল হৈ মই ভাঙি পৰিছিলো। মই যথেষ্ট হতাশাত ভুগিছিলো। কিন্তু তাৰ পাছত নিজকে প্রতিষ্ঠা কৰিবলৈ পুনৰ যুঁজ আৰম্ভ কৰিছিলো। মই নতুনকৈ আকৌ বক্সিং ৰিঙত নামি পৰিছিলো আৰু তাৰ ফল আজি পাইছো।’
এই মন্তব্য সদ্য সমাপ্ত জাপান এছিয়ান গেমছৰ বক্সিঙৰ স্বৰ্ণ পদক অর্জন কৰা লাভলীনা বৰগোহাঁইৰ। কালি ইয়াত এক সংবাদমেলত লাভলীনাই লগতে কয়, ‘এইবাৰ স্বর্ণপদক লাভ কৰিম বুলি মই ভবা নাছিলো। মাথোঁ স্বাভাবিকভাৱে খেল খেলি গৈছিলো। ফাইনেল খেলখন যথেষ্ট কঠিন আছিল; কিন্তু মই জয়ী হ’লো।’
অনাগত দিনত দুখনকৈ ডাঙৰ প্ৰতিযোগিতা আছে, তাক লৈ কিদৰে সাজু হৈছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁ মনত অধিক চাপ নলয়। গতানুগতিক ধৰণে খেল খেলি যাব বুলি সদৰী কৰি ক্রীড়াবিদগৰাকীয়ে আৰু কয়, ‘মই টেকনিকেল বক্সিং খেলুৱৈ।’
আনহাতে, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ অনুভৱ কেনে আছিল বুলি প্রশ্ন কৰাত হাঁহি হাঁহি লাভলীনাই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁক যথেষ্ট সহায় কৰিছে। এই সম্পর্কত তেওঁ আৰু কয়, ‘ মঙলবাৰে নিশা প্রায় ৪৫ মিনিট মোৰ লগতে মোৰ পৰিয়ালৰ স’তে কথা পাতিছে, যথেষ্ট ভাল লাগিছে, লগতে মোক ডিএছপিৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি দিছে।’
অসমৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ কথা উল্লেখ কৰি লাভলীনাই পুনৰ কয় যে এছিয়ান গেমছত প্রায় ৬০ বছৰ পাছত অসমে স্বর্ণ পদক লাভ কৰিছে। ইয়াৰ পূর্বে ‘অর্জুন’ বৰুৱাই এই খিতাপ পাইছিল বুলি উল্লেখ কৰে কৃতী খেলুৱৈগৰাকীয়ে।
উল্লেখ্য যে যোৱা আগষ্টত অনুষ্ঠিত কমনবেলথ গেমছতো লাভলীনাই পদক লাভ কৰিছিল। তেওঁ অসমৰ প্ৰথমগৰাকী খেলুৱৈ যিয়ে অলিম্পিক, এছিয়ান আৰু কমনরেলথ গেমছত পদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ভাৰতৰ প্রথমগৰাকী মহিলা বক্সাৰ যিয়ে ধাৰাবাহিকভাবে দুটাকৈ এছিয়ান গেমছত পদক লাভ কৰিছে। অসমত আৰু কিমান দিন থাকিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত লাভলীনাই কয়, ‘এতিয়া মই মোৰ গাঁওখনলৈ যাম, তাৰ মানুহবোৰে মোৰ বাবে ৰৈ আছে। অহা ২০ অক্টোবৰলৈ মই অসমতে থাকিম।’
খেলৰত্ন তথা স্বর্ণ কন্যা লাভলীনা বৰগোহাঁইক বিপুল সম্বর্ধনা
বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজ্বলাই স্বভূমিত উপস্থিত হোৱা লাভলীনাক কালি অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত আৰু অসম অলিম্পিক সস্থা তথা অসম বক্সিং সন্থাৰ সহযোগত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত সম্বর্ধনা জনোৱা হয়। অসম বক্সিং সন্থাৰ সভাপতি তথা প্রাক্তন মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, ক্রীড়া মন্ত্রী বিশ্বজিৎ দৈমাৰী, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, দিছপুৰ সমষ্টিৰ বিধায়ক প্রদ্যুৎ বৰদলৈ, বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা, বিধায়ক প্রকাশ দাস, ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাস, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালী আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ক্রীড়া সংগঠক তথা লোকৰ উপস্থিতিত গাম্ভীর্যপূর্ণ অনুষ্ঠান জাপানত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী লাভলীনা বৰগোহাঁইক শৰাই, জাপি, চেলেং চাদৰ আৰু মানপত্ৰৰে সম্বর্ধনা জ্ঞাপন কৰা হয়। ক্রীড়া মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে কয় যে লাভলীনাই আজি যি কৃতিত্ব অর্জন কৰিছে তাত আমি প্রতিজন অসমীয়াই গৌৰৱান্বিত অনুভৱ কৰিছো। সম্প্ৰতি লাভলীনাই মুখ্যমন্ত্রী ড° শর্মাক সাক্ষাৎ কৰে। কালি অনুষ্ঠানত ক্রীড়া মন্ত্রীজনে ৰাজহুৱাকৈ লাভলীনাক একাডেমীখনৰ বাবে যি যি কৰিব লগা আছে গোটেইখিনি কাম কৰি দিয়াৰ প্রতিশ্রুতি দিয়ে। উক্ত অনুষ্ঠানতে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে লাভলীনাই এই সাফল্যত সমগ্ৰ অসমৰ লগতে ভাৰতবাসীয়েও যথেষ্ট আনন্দিত বুলি কয়।
লাভলীনাই যেতিয়া স্বর্ণ পদকটো লৈ আছিল আৰু ভাৰতৰ জাতীয় পতাকাখন উৰি আছিল সেই মুহূৰ্ততো যথেষ্ট আৱেগিক আছিল। অনুষ্ঠানত অসম অলিম্পিক সন্থা, অসম বক্সিং সন্থাৰ লগতে ৰাজ্যৰ প্রায় দুকুৰি ক্ৰীড়া সন্থাই সম্বর্ধনা জনায় খেলৰত্ন লাভলীনা বৰগোহাঁইক। সম্বর্ধনা গ্রহণ কৰি আৱেগিক হৈ পৰে লাভলীনা। খেলুৱৈগৰাকীয়ে কয়, ‘অসমত মই যিমান মৰম-আদৰ বা সন্মান পাইছো সেয়া চাগে বেলেগত কোনেও পোৱা নাই।’
উল্লেখ্য যে সম্প্ৰতি অসমত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইক বিমান বন্দৰত বিপুল আদৰণি জনোৱা হয়। উল্লেখ্য যে কালিৰ এই অনুষ্ঠানত আন এজন এছিয়ান গেমছত অংশগ্ৰহণ কৰা খেলুৱৈ, বক্সাৰ অংকুশিতা বড়োও উপস্থিত থাকে।































