SuperElNino : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নাম এল নিনো। বহু দিনৰ পৰাই পৃথিৱীৰ বতৰৰ নানা ধৰণৰ খামখেয়ালিৰ নেপথ্যত আছে এই এল নিনো। এইবাৰ ভয়ানক চেহেৰা হৈ ই হৈ উঠিব ‘ছুপাৰ ডুপাৰ এল নিনো’।
এই বিষয়ত সতর্ক কৰিছে ৰাষ্ট্ৰসংঘই। তেওঁলোকে জনাইছে যে ১৯৫০ৰ পৰৱৰ্তী সময়ৰ অন্যতম শক্তিশালী এল নিনোক দেখা পোৱা যাব।’ৱৰ্ল্ড মেটিঅ’ৰোলজিকেল ‘ছুপাৰ ডুপাৰ এল নিনো’ত বিশ্বজুৰি ‘ন অর্গেনাইজেচন’ৰ তৰফৰ পৰা জনাইছে যে মানুহে সৃষ্টি কৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱক আৰু বৃদ্ধি কৰিব এই এল নিনোৱে।
একাংশ বিশেষজ্ঞই জনাইছে যে প্রশান্ত মহাসাগৰৰ পৰা বিপুল পৰিমাণে জমা হোৱা তাপ নির্গত হোৱাৰ ফলত পৃথিৱীৰ এক বিৰাট অংশত অস্বাভাৱিক উষ্ণ বতৰে বিৰাজ কৰিব। এই অৱস্থাক ‘ছুপাৰ ডুপাৰ এল নিনো’ বুলি জনাইছে তেওঁলোকে।
এই এল নিনো কি? প্রশান্ত মহাসাগৰীয় অঞ্চলত পেৰুৰ সমীপত ভূপৃষ্ঠ উত্তপ্ত হোৱাকেই এল নিনো বুলি কোৱা হয়। এল নিনোৰ আঘাতত সাগৰৰ তাপমাত্রা চাৰি-পাঁচ ডিগ্রী চেলছিয়াছো বাঢ়ি যাব পাৰে। প্ৰায় দুইৰ পৰা সাত বছৰৰ অন্তৰালত এল নিনোৰ প্ৰভাৱত সমগ্ৰ বিশ্বৰ বতৰেই প্ৰভাৱিত হয়।
এইবাৰ ‘ৱৰ্ল্ড ইক’নমিক ফ’ৰাম’ৰ দৰে আন্তর্জাতিক সংগঠনসমূহে জনাইছে যে এল নিনো কেৱল এক বতৰ পৰিৱৰ্তনৰ সূচক হৈয়েই থকা নাই। বৰঞ্চ ই এইবাৰ দেশৰ কৃষি, শক্তিক্ষেত্র, পৰিবহণ, খাদ্য সংকটত প্ৰৱল প্ৰভাৱ পেলাবলৈ গৈ আছে।
আগতেই কোৱা হৈছিল যে এল নিনোৱে এতিয়াও নিজৰ সৰ্বোচ্চ আকাৰ ধাৰণ কৰা নাই। আশংকা কৰা হৈছে যে নৱেম্বৰ-ডিচেম্বৰত ই সবাতোকৈ ভয়ানক আকাৰ ল’ব পাৰে। বতৰবিদ ৰায়ান মাউৱে সমগ্ৰ পৃথিৱীৰ এখন জলবায়ু মানচিত্ৰ প্ৰকাশ কৰি দেখুৱাইছে যে মানচিত্ৰৰ প্ৰায় গোটেইখিনি ৰঙা ৰঙেৰে ঢকা।
তেওঁ ‘এক্স’ত আৰু লিখিছে, ‘সমগ্র শীতকালতে এল নিনো নিজৰ সৰ্বোচ্চ শক্তি লৈ সক্রিয় হৈ থাকিব আৰু আমেৰিকাৰ বাহিৰে পৃথিৱীৰ সর্বত্রে তাপমাত্রা বৃদ্ধি পাব।’ আগতেই ক্লাইমেট ইম্পেক্ট লেব নামৰ এক উদ্যোগৰ তৰফৰ পৰা সতর্ক কৰি কোৱা হৈছিল যে আগন্তুক ছমাহত এল নিনোৱে চাৰে চাৰি লাখ মানুহক মৃত্যুমুখলৈ ঠেলি দিব। এইবাৰ ৰাষ্ট্ৰসংঘৰ সতর্কবার্তাত এই আশংকাই নতুন মাত্রা পালে।
































