দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জাপানত সদ্য অনুষ্ঠিত এছিয়াম গেমছত স্বর্ণ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ লাভলীনা বৰগোহাঁইক বৃহস্পতিবাৰে বোকাখাতত উষ্ম সম্বর্ধনা জ্ঞাপন কৰা হয়।
বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বোকাখাত জিলা ক্রীড়া সন্থাৰ উদ্যোগত আয়োজিত এই সম্বর্ধনা অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে লাভলীনাক সম্বর্ধনা জ্ঞাপন কৰে।
আনহাতে, ঢোলে-দগৰে গৃহ নগৰ সৰুপথাৰবাসীয়ে কালি আদৰণি জনাই ‘স্বর্ণ কন্যা’ লাভলীনাক। সদ্যসমাপ্ত জাপান এছিয়ান গেমছত মহিলাৰ ৭৫ কিলোগ্রাম শাখাৰ বক্সিঙত সোণৰ পদক আঁজুৰি অনা কৃতী খেলুৱৈগৰাকীয়ে আজি সৰুপথাৰত পদার্পণ কৰে।
গুৱাহাটীৰ পৰা পোনে পোনে সৰুপথাৰত উপস্থিত হোৱা লাভলীনাক বৰপথাৰ-ধনশিৰি দলঙৰ পৰা সহস্রাধিক অনুৰাগী, শুভাকাংক্ষী তথা বিভিন্ন দল-সংগঠন আদিয়ে আদৰণি জনায়। তেওঁক বৃহস্পতিবাৰে সৰুপথাৰ নগৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত সম্বর্ধনা জনোৱা হয়।
অনুষ্ঠানত অগণন অনুৰাগীয়ে ফুলৰ থোপা, গামোচা, সম্বর্ধনাপত্ৰ আদিৰে স্বৰ্ণ কন্যাক সম্বর্ধনা জনায়। লাভলীনাক আদৰি অনা বাহনখন নিজে চলাই আহিছিল সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। অনুষ্ঠানত সাংসদ কামাখ্যা প্রসাদ তাছা, লাভলীনাৰ পিতৃ, প্রশাসনৰ বিষয়া, বিভিন্ন দল-সংগঠনৰ প্রতিনিধি আদিও উপস্থিত থাকে।
আনহাতে, সম্বর্ধনা গ্রহণ কৰাৰ পাছত ক্রীড়া ক্ষেত্ৰত অতিবাহিত কৰা ১৫ বছৰীয়া অভিজ্ঞতাৰ কথা তেওঁ স্মৰণ কৰে। অনুষ্ঠানত বক্তব্য আগবঢ়াই তেওঁ লগতে কয়, ‘আগন্তুক দিনতো দেশ আৰু ৰাজ্যলৈ অধিক সফলতা কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো।’ জন্মস্থানত এই বিপুল সম্বর্ধনা গ্রহণ কৰি ক্রীড়াবিদগৰাকী অভিভূত হয়। ইয়াৰ পূর্বে বুধবাৰে গুৱাহাটীতো লাভলীনাক অনুৰাগীসকলে উষ্ম আদৰণি জনায়।































