দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্যত এতিয়া শাৰদীয় দুর্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে বিভিন্ন আয়োজক কমিটীৰ মাজত আৰম্ভ হৈছে এক অঘোষিত প্রতিযোগিতা। ব্যতিক্রম নহয় ৰাজধানী চহৰ গুৱাহাটী মহানগৰীও। গুৱাহাটী মহানগৰীত পাঁচ শতাধিক ৰাজহুৱা দুর্গা পূজাৰ আয়োজন কৰা হৈছে।
কালি মহাষষ্ঠীৰ দিনা মহিষমর্দিনী দশভুজা দেৱী দুর্গাক ধর্মীয় ৰীতি অনুসৰি বেদীত প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে চৌদিশে শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উল্লাস আৰম্ভ হৈছে। দীর্ঘদিনীয়া প্রস্তুতি আৰু ব্যস্ততাৰ অন্ত পেলাই দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী। ইয়াৰ সমান্তৰালভাৱে মণ্ডপে মণ্ডপে এতিয়া চমক সৃষ্টিৰ অঘোষিত প্রতিযোগিতাও চৰ্চাৰ কেন্দ্ৰবিন্দু।
শুকুৰবাৰে পাণ্ডু অঞ্চলত পূজাৰ আনন্দ অনুভৱ কৰিব বিচৰা যুৱতীৰ দল এটাই কয়, ‘পূজাৰ থিম, জাকজমক, দেৱীৰ গহনা কাপোৰলৈ এক প্রতিযোগিতা। আমি এইবোৰ চাই চাই নিজৰ মাজতে নম্বৰ দিও। বহুত মজা লাগে।’
এইবাৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰী সার্বজনীন দুর্গা পূজাত থাইলেণ্ডৰ মন্দিৰৰ আৰ্হিত মণ্ডপ সজাই তুলিছে। পাণ্ডু বেষ্টকেম্প কালীবাৰী সার্বজনীন দুর্গা পূজা সমিতিৰ বিষয়ববীয়াই কয়, ‘এইবাৰ আমাৰ পূজাৰ আকৰ্ষণ মণ্ডপ, আলোকসজ্জা আৰু দেৱীৰ মূৰ্তি। আমাৰ মণ্ডপটো এইবাৰ থাইলেণ্ডৰ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। হিন্দু আৰু বৌদ্ধ দুটা ধৰ্মৰ প্ৰতিনিধিত্ব কৰিছে এই মণ্ডপে।’
এইবাৰৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰী সার্বজনীন দুর্গা পূজাৰ বাজেট ৬০ লাখ টকা। যোৱা বছৰৰ তুলনাত এইবাৰ পূজাত দর্শনার্থী সমাগম আৰু অধিক হ’ব বুলি আশা কৰা হৈছে। প্রতিদিনে ডেৰ লাখ ভক্তৰ সমাগম হ’ব বুলি আশা প্রকাশ কৰে সমিতিৰ কৰ্মকর্তাই। আমাৰ মূৰ্তি আৰু মণ্ডপ কলকাতাৰ শিল্পীয়ে নিৰ্মাণ কৰিছে। বৃহস্পতিবাৰে মণ্ডপটো মুকলি কৰি দিয়াৰ পৰাই ভক্তৰ সমাগম হৈছে।’
আনহাতে, আকর্ষণীয় ৰূপত আয়োজন কৰা হৈছে গুৱাহাটীৰ পাণ্ডু ইন্সিটিউট কলনীৰ ৰিভাৰ চাইড স্পার্টিং ক্লাবৰ ১১৬ সংখ্যক শাৰদীয় দুর্গোৎসৱ। এইবাৰ পূজাৰ মূল আকর্ষণ হৈছে অসমৰ চাহ বাগিচা। ‘টি গার্ডেন অৱ আছাম’ বুলি মূলত সেউজীয়া আৰু মাজে মাজে সোণালী বৰণৰ মণ্ডপৰ বাহিৰত সোণালী বুলিয়া বৰণৰে লিখা হৈছে। বাঁহ আৰু বেতৰ সামগ্ৰী যেনে ডলা ধাৰী আদিও ব্যবহাৰ কৰা হৈছে। ভিতৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা, কামাখ্যা মন্দিৰ, কনকলতা বৰুৱাৰ ছবি খোদিত ফলক, ৰৈ ৰৈ বিনালে লিখি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ একেধৰণৰ ফলক সজোৱা হৈছে। সঁচাকৈ বৰ ধুনীয়াকৈ এই মণ্ডপ সাজি তোলা হৈছে। বাহিৰত চাহ বাগিচাত পাত তুলি থকাৰ দৃশ্য তুলি ধৰা হৈছে। মণ্ডপৰ ভিতৰত লগতে গঁড়, কামাখ্যা দেৱলয়, ঢোল, পেঁপা আদি প্রদর্শন কৰা হৈছে। এই পূজাখনৰ আন এক মন কাঢ়ি নিয়াৰ বিষয় অসমৰ হার্টথ্রৱ জুবিন গাৰ্গলৈ জনোৱা বিশেষ শ্রদ্ধাঞ্জলি। শিল্পীগৰাকীৰ প্রতি সম্মান জনাই মণ্ডপত তেওঁ ব্যৱহাৰ কৰা গীটাৰ, মাইক আৰু টুপীৰ প্ৰতীকী ৰূপ প্ৰদৰ্শন কৰা হৈছে, লিখা হৈছে ইংৰাজীতে জেড জি। বিগত প্রায় ছয় মাহ পূৰ্বৰ পৰাই চলোৱা পৰিকল্পনা আৰু প্ৰস্তুতিৰ অন্তত প্রায় ১৬ লাখ টকাৰ বাজেট ধাৰ্য কৰি এইবাৰৰ পূজাখন অতি উলহ-মালহৰে আয়োজন কৰা হৈছে বুলি কয় ক্লাবৰ বিষয়ববীয়াই।
ইপিনে, পাণ্ডু জয়হিন্দ ক্লাব সার্বজনীন দুর্গা পূজা সমিতিয়ে এইবাৰ ৮০ বছৰীয়া বর্ষপূর্তি উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে। প্রায় ৪০ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা এইবাৰৰ পূজাৰ মূল আকর্ষণ হৈছে এই মণ্ডপ। কলকাতাৰ শিল্পীয়ে প্রায় তিনি মাহত সাজি উলিওৱা এই মণ্ডপত বিশেষ লেজাৰ লাইট শ্ব’ৰ লগতে নান্দনিক আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে। ৫২ বছৰীয়া পাণ্ডুৰ সুভাষ নগৰ কমিটীৰ দিপজ্যতিয়ে পূজা মণ্ডপৰ বিষয়বস্তু ব্যাখ্যা কৰি ‘দৈনিক অগ্রদূত’ক কয়, ‘আমাৰ থীম হৈছে নবান্ন উৎসৱ। আমি এলইডি স্ক্রীণত জুবিনদাৰ স্মৃতি সোঁৱৰণ কৰিম। সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু জুবিনদাৰ স্মৃতি সোঁৱৰণ কৰা হ’ব।’
পাণ্ডু অঞ্চলত বিবিচি, জয় হিন্দ, আজাদ হিন্দ আদিৰ পূজাত প্ৰাণ পাই উঠিছে ভাৰত মাতা, সাই বাবা, জুবিনদা আদি হৃদয়স্পর্শী বিষয়বস্তুবে। পূজা সমিতিৰ আশা যে পূৰ্বতকৈ এই বছৰ অধিক হব ভিৰ। দৈনিক লক্ষাধিক ভক্তৰ সমাৱেশ ঘটিব বুলি আয়োজকে আশা প্রকাশ কৰে।
চেমিম চুলতানা আহমেদ




























