HairFall : প্রায়ভাগ লোকৰ চুলি সৰাৰ সমস্যা থাকে। কাৰোবাৰ কম আৰু কাৰোবাৰ বেছি চুলি সৰে। নাৰী-পুৰুষৰ উভয়ৰে এনে ধৰণৰ সমস্যা থাকে। চুলি সৰিলে শৰীৰৰ বিশেষ ক্ষতি নহয় যদিও সৌন্দৰ্য ৰক্ষাত ব্যাঘাত জন্মে। সাধাৰণতে যিসকল লোকে দিনৰ দিনটো ঘৰৰ বাহিৰতে কটায় তেওঁলোকৰ বেছিকৈ চুলি সৰে।
অৱশ্যে এটা কথা ঠিক যে বেছিকৈ চুলি সৰাৰ লগে লগে কিছুমান ইয়াকে লৈ মানসিক সমস্যাই গা কৰি উঠিব পাৰে। চুলি সৰা বন্ধ কৰিব পাৰি যদিহে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয়। সাধাৰণতে কিছুমান কথাত গুৰুত্ব দিলেই চুলি সৰা বন্ধ হোৱাৰ উপৰি আন সমস্যাৰ পৰাও হাত সাৰিব পাৰিব।
চুলিৰ গুৰিত যদি ভিটামিন ‘ই’ ব্যৱহাৰ কৰা হয় তেতিয়াহ’লে মূৰৰ ছালখনত ৰক্ত সঞ্চালন স্বাভাৱিক হ’ব। কিছুদিন এইবিধ ভিটামিন ব্যৱহাৰ কৰিলে লাহে লাহে চুলি সৰা বন্ধ হ’বলৈ ধৰে।
কিছুমান লোকৰ প্ৰ’টিনৰ অভাৱতো চুলি সৰিবলৈ ধৰে। সেই বাবে খাদ্য তালিকাত প্র’টিন সমৃদ্ধ মাছ, মাংস, চয়াবিন আদি অন্তর্ভুক্ত কৰা উচিত। এনে ধৰণৰ খাদ্যই চুলি সৰা বন্ধ কৰাৰ উপৰি স্বাস্থ্য ৰক্ষাতো সহায় কৰে।
চুলিখিনি সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিলে উফি আদিয়ে গা কৰি উঠিব নোৱাৰে। যিমানেই উফি আদিৰ সৃষ্টি হয় সিমানেই বেছিকৈ চুলি সৰে। তাৰ উপৰি কিছুমানৰ মূৰৰ পৰা দুৰ্গন্ধ ওলায়। এনে ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ চুলিখিনি চেম্পু কৰা উচিত।
কেতিয়াও তিতি থকা চুলি আঁচুৰিব নালাগে। এই ক্ষেত্রত মহিলাসকল বেছ সতর্ক যদিও পুৰুষসকলে বিশেষ গুৰুত্ব প্রদান নকৰে। তিতা চুলি কোমল হৈ থাকে। চুলিৰ গুৰিও কোমল হৈ থাকে বাবে বেছিকৈ আঁচুৰিব নালাগে। চুলি ভালদৰে শুকোৱাৰ পাছত আঁচুৰিলে বেছিকৈ নসৰে।
ঘৰুৱা উপাদান কিছুমান ব্যৱহাৰ কৰিও সুফল লাভ কৰাটো সম্ভৱ। নিয়মীয়াকৈ আদা, নহৰু আৰু পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱাটো সম্ভৱ।
আজিকালি কিছুমান লোকৰ শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেচন হ’লে এনে সমস্যাই গা কৰি উঠিব পাৰে। দৰাচলতে জলশূনা আদি সমস্যাই গা কৰি উঠিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
মদ্যপান, ধূমপানৰ বাবেও সোনকালে চুলি সৰিবলৈ আৰম্ভ কৰে। সেইবাবে এনে ধৰণৰ অভ্যাসৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব।
গৱেষকসকলে শেহতীয়াভাৱে এই বুলি মন্তব্য কৰিছে যে গ্রীণ টি ব্যৱহাৰ কৰিলে সুফল পোৱাটো সম্ভৱ। একাপ পানীত গ্রীণ টি দুই বেগ মিহলি কৰিব লাগে। সেয়া ভালদৰে উতলাই ঠাণ্ডা কৰি পাছত চুলিৰ আগৰ পৰা গুৰিলৈকে ব্যৱহাৰ কৰা উচিত। এঘণ্টামান পাছত ভালদৰে ধুলেও সুফল পোৱা যায়। ১০-১৫ দিনমান এনেদৰে ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হ’বলৈ ধৰে।
কিছুমান লোকৰ মূৰৰ ছালখন অনবৰতে তিতি থাকে। আচলতে তৈলাক্ত হোৱা বাবে এনে হয়। ফলত ধূলি-বালি আদি তাৰ ওপৰত পৰি সঘনাই মলিয়ন হয়। তৈলাক্ত ছালৰ বাবে বেছিকৈ চুলি সৰে। সাধাৰণতে পুৰুষসকলৰ এনে সমস্যাই সঘনাই হোৱা দেখা যায় ।





























