PinkDolphinsOfOman : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আৰৱদেশৰ সমুদ্রতীৰৰ সৌন্দৰ্য সদায় পৃথক। হালধীয়া বালিৰ উপকূলত ঘন নীলা ঢৌ আছাৰ খাই পৰাৰ অপূর্ব দৃশ্য যিমানেই দেখা গ’লেও যেন কাৰো হেপাহ নপলায়। সাগৰৰ এই অপৰূপ শোভাৰ মাজতে আকস্মিকভাৱে এক বিৰল দৃশ্যই আচৰিত কৰি তুলিছে ওমানবাসীক।
ওমানৰ মাছকাটৰ কান্তাব উপকূলত সম্প্রতি দলে দৰে ভাহি উঠিছে বিৰল প্ৰজাতিৰ গুলপীয়া ডলফিন। এই দৃশ্য দেখি নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাই স্থানীয় বাসিন্দা তথা পর্যটকসকলে। গোলাপী ডলফিনে সকলোৰে চকু ছাট মাৰি ধৰিছে।
নিঃসন্দেহে অপূর্ব তথা বিৰলতম দৃশ্য দেখি পর্যটকসকল উচ্ছ্বসিত হৈ পৰিছে; কিন্তু পৰিৱেশপ্রেমী তথা সাগৰ বিশেষজ্ঞসকলক এই দৃশ্যই চিন্তিত কৰি তুলিছে। এনে গোলাপী ডলফিন ওমানৰ সাগৰলৈ কিদৰে আহিল? বিশেষজ্ঞসকলে জনাইছে যে এই সমাহাৰৰ অন্তৰালত লুকাই আছে ডলফিনবোৰৰ গভীৰ শাৰীৰিক সমস্যা।
এই গোলাপী ডনফিনবোৰে ঠিক কি সমস্যাত ভুগিছে, সেই কথা বুজিবলৈ হ’লে সিবোৰৰ সম্পর্কে দুটামান তথ্যও জানিব লাগিব। গুৰুগ্ৰামৰ প্ৰাণী বিশেষজ্ঞ ড° বিনোদ শৰ্মাৰ গৱেষণাই জনাইছে যে ইণ্ডো-পেচিফিক অঞ্চলত চাইনিজ হোৱাইট প্ৰজাতিৰ একপ্ৰকাৰৰ ডলফিন আছে, যিবোৰৰ গাৰ ৰং জন্মৰ সময়ত স্বাভাৱিক বগা-ক’লাই থাকে; কিন্তু বয়সৰ লগে লগে গাৰু ৰং গোলাপী হৈ পৰে। সেয়া সিবোৰৰ স্বাভাৱিক ৰূপান্তৰ।
এই ধৰণৰ ডলফিন দেখা যায় ব্রাজিল, পেৰু ভেনিজুৱেলাৰ দৰে দক্ষিণ আমেৰিকাৰ দেশৰ সাগৰত। আমাজন নদীয়েই প্ৰধানকৈ সিহঁতৰ বাসস্থান। অথচ ওমানৰ সমুদ্রত ভাহি উঠা ডলফিনবোৰৰ গোলাপী বৰণ এনে সহজাত একো নহয় বুলিয়েই দাবী কৰিছে একাংশ বিশেষজ্ঞই।
আচলতে ইয়াৰ অন্তৰালত আছে ছালৰ সমস্যা। ছালৰ নিৰ্দিষ্ট স্তৰৰ তলত থকা ৰঞ্জক, যাৰ কাৰণে প্রাণীবোৰৰ গাত্ৰবৰ্ণ বুজা যায়, তাৰ সংখ্যা ক্রমাৎ কমিবলৈ ধৰে। এই ডলফিনবোৰৰ শৰীৰত সেই ৰঞ্জকৰ অভাৱ প্ৰৱল।
সেয়ে সাধাৰণ ডলফিনতকৈ ইহঁতৰ ৰং পৃথক হৈছে। ঠিক মানুহৰ ক্ষেত্ৰত যিদৰে ৰঞ্জকৰ অভাৱত ছালত বগা দাগ দেখা যায়, এয়াও ঠিক তেনেকুৱাই। সেয়ে এইবোৰ ডলফিনক ব্যতিক্রম আৰু বিৰল-দর্শন বুলি কোৱা হৈছে।
এই ক্ষেত্রত একাংশ প্রাণী বিশেষজ্ঞই পৰামৰ্শ দিছে যে কমেও ৫০ মিটাৰ দূৰত্বৰ পৰাহে এই গোলাপী ডলফিন চোৱা উচিত। যিকোনো জলযান এই ডলফিনসমূহৰ পৰা নিৰাপদ দূৰত্বত থাকিব লাগিব, যাতে কোনোপধ্যেই সিহঁতৰ গতিপথলৈ কোনো বাধা নাহে।
প্রয়োজন হ’লে জলযানৰ গতিমুখ সলনি কৰা উচিত বুলিও বিশেষজ্ঞসকলে পৰামৰ্শ দিছে। তেওঁলোকে জনায় যে এই গোলাপী ডলফিনক কোনো ধৰণে বিৰক্ত নকৰিলেহে সিহঁতে শাৰীৰিক সমস্যা লৈও জীয়াই থাকিব।
































