Philippines : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰশিক্ষণ চলি থকাৰ সময়তে মাজ আকাশত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্ঘটনা। সমান্তৰালভাৱে উৰি থকাৰ সময়তে সংঘৰ্ষত লিপ্ত হ’ল দুখন সামৰিক বিমান। দুৰ্ঘটনাৰ ফলত বিমান দুখন মাটিত খহি পৰে। এই ঘটনাত ৪জন পাইলটৰ মৃত্যু হৈছে।
শনিবাৰে দেশখনৰ বায়ুসেনাই এই মৰ্মান্তিক দুৰ্ঘটনাৰ তথ্য প্ৰকাশ কৰে। ভয়ংকৰ দুৰ্ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।
তথ্য অনুসৰি, শুকুৰবাৰে বিয়লি ফিলিপাইনছৰ ৰাজধানী মেনিলাৰ দক্ষিণে অৱস্থিত ফাৰ্নান্দো বিমানঘাটিত এই দুৰ্ঘটনা সংঘটিত হয়। বায়ুসেনাৰ প্ৰশিক্ষণৰ উদ্দেশ্যে আকাশলৈ উৰিছিল কেবাখনো বিমান।
প্ৰশিক্ষণ চলি থকাৰ সময়তে হঠাতে দুখন এছ এফ-২৬০ বিমান সমান্তৰালভাৱে ওচৰলৈ আহে। মুহূৰ্তৰ ভিতৰতে বিমান দুখনৰ প্ৰপেলাৰত সংঘৰ্ষ হয়। ইয়াৰ পিছতে বিমান দুখন মাটিত খহি পৰে। এই ঘটনাত বিমানত থকা ৪জন পাইলটৰ মৃত্যু হয়।
ফিলিপাইনছৰ বায়ুসেনাৰ মুখপাত্ৰ কৰ্নেল আলভিন কেপিনগুইয়ানে কয়, “প্ৰশিক্ষণ চলি থকাৰ সময়তে সংঘটিত এই দুৰ্ঘটনা মৰ্মান্তিক। দুৰ্ঘটনাৰ পিছত দুয়োখন বিমানেই বায়ুসেনাৰ ঘাটিৰ সীমাৰ ভিতৰতে বিধ্বস্ত হয়। ৪জন পাইলটৰ মৃত্যু হৈছে। আন কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই।” কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হ’ল, সেই সন্দৰ্ভত তদন্ত চলি আছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বায়ুসেনাৰ এছ এফ-২৬০ যুদ্ধবিমানৰ বহৰ সাময়িকভাৱে উৰণৰ পৰা আঁতৰাই ৰখা হৈছে।
উল্লেখ্য যে ফিলিপাইনছত এনে দুৰ্ঘটনা এয়াই প্ৰথম নহয়। শেহতীয়া বছৰকেইটাত দেশখনত সামৰিক বিমানৰ স’তে জড়িত কেবাটাও প্ৰাণঘাতী দুৰ্ঘটনা সংঘটিত হৈছে। যোৱা মে’ মাহত উত্তৰ ফিলিপাইনছৰ বেংগুৱেট প্ৰদেশত প্ৰশিক্ষণমূলক উৰণৰ সময়ত আন এখন এছ এফ-২৬০ বিমান বিধ্বস্ত হৈছিল। সেই দুৰ্ঘটনাত দুজন সামৰিক পাইলটৰ মৃত্যু হৈছিল।



































