EaglesNest : ইমানদিনে পাহাৰৰ চূড়াত দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত ইতিহাসৰ সাক্ষী হৈ আছিল। জার্মানীৰ নাজী বাহিনীৰ সর্বাধিনায়ক এড’ল্ফ হিটলাৰৰ সেই কুখ্যাত ঘাটি ‘কেলষ্টাইনহাউছ’ বা ‘ঈগলছ নেষ্ট’ত সংঘটিত হ’ল ভয়াৱহ অগ্নিকাণ্ড। কিদৰে অগ্নিকাণ্ডৰ সূচনা হ’ল, সেয়া এতিয়াও স্পষ্ট নহয়।
অৱশ্যে ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। সূত্রই জনাইছে যে অগ্নিকাণ্ডৰ ফলত ঐতিহাসিক ঘৰটোৰ ব্যাপক ক্ষতিসাধন হৈছে।
একাধিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি, স্থানীয় সময় শনিবাৰে নিশা প্রায় ন বজাত বাভাৰিয়া অঞ্চলৰ বেৰ্চটেছগাডেনৰ সমীপত অৱস্থিত ‘কেলষ্টাইনহাউছ’ত অকস্মাতে জুই লাগে। তাৎক্ষণিকভাৱে ক’লা ধোঁৱাৰে আকাশ ছানি ধৰে। এই খবৰ পাই আৰক্ষী আৰু অগ্নি নির্বাপক বাহিনীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হয়।
অৱশ্যে তাত উপস্থিত হোৱাৰ পূৰ্বেই জুইয়ে ভয়ানক ৰূপ ধাৰণ কৰিছিল। কেৱল সেয়াই নহয়, ঘৰটো দুর্গম পাহাৰীয়া অঞ্চলত অৱস্থিত হোৱাৰ বাবে জুই নির্বাপিত কৰাৰ বাবে অগ্নি নির্বাপক বাহিনীয়ে প্রথম অৱস্থাত কঠিন সমস্যাৰ সন্মুখীন হয়।
প্রায় দুশ অগ্নি নির্বাপক বাহিনীৰ কৰ্মীক জুই নুমুওৱাৰ কামত নিয়োগ কৰা হয়। জৰুৰী সেৱাৰ কৰ্মীসকলো ঘটনাস্থলীত উপস্থিত হয়। পুৱতি নিশা পর্যন্ত জুই নিয়ন্ত্রণলৈ অহা নাছিল। অৱশ্যে ঘটনাত কোনো হতাহতৰ তথ্য এই পর্যন্ত আৰক্ষীয়ে পোৱা নাই।
প্রাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে ঘৰটোত অগ্নি সংযোগ কৰিছে। ইতিমধ্যে আৰছন নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে জার্মানীৰ বাভাৰিয়া অঞ্চলত সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১,৮৩৪ মিটাৰ উচ্চতাৰ এক পাহাৰৰ চূড়াত অৱস্থিত এই ‘কেলষ্টাইনহাউছ’। ১৯৩৭-৩৮ত অতিথিক আপ্যায়নৰ বাবে আৰু আমোদ-প্রমোদৰ বাবে হিটলাৰে এই ঘৰটো নিৰ্মাণ কৰাইছিল।
অৱশ্যে নাজী নেতাসকলে ইয়ালৈ অতি কমেই আহিছিল; কিন্তু ‘ঈগলছ নেষ্ট’ৰ নক্সা এনেদৰে তৈয়াৰ কৰা হৈছিল, যাতে লোকচক্ষুৰ আঁৰত এই ঘৰত বহি বিভিন্ন গোপন ৰাজনৈতিক কর্মকাণ্ড পৰিচালনা কৰিব পাৰি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ সকলো ৰণকৌশল এই গৃহতে প্ৰস্তুত কৰা হৈছিল।
১৯৫২ৰ পৰা এই ঘৰটো এক অতিথিশালাৰূপে ব্যৱহাৰ হৈ আহিছে। এই ঐতিহাসিক ঘৰটো সম্প্রতি জার্মানীৰ এক জনপ্রিয় পর্যটনস্থলী। ইয়াত নাজী জাৰ্মানীৰ ইতিহাসক লৈ প্রদর্শনীও কৰা হয়।




























