Rahul Gandhi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ ৷ অমিত শ্বাহৰ বিৰুদ্ধে কৰা মানহানিৰ গোচৰ খাৰিজ কৰা হ’ল আদালতত I গোচৰটোৰ শুনানি সম্পন্ন হৈছিল ১৩ অক্টোবৰত আৰু বিশেষ সাংসদ-বিধায়ক আদালতে ৰায়দানৰ বাবে ২৬ অক্টোবৰ নিৰ্ধাৰণ কৰিছিল। সোমবাৰে পুৱা চুলতানপুৰ আদালতত উপস্থিত হয় ৰাহুল গান্ধী। আদালতে ৰাহুল গান্ধীক দোষমুক্ত কৰাৰ লগে লগে তেওঁৰ সমৰ্থক সকলে উছাহত মতলীয়া হৈ ৰাহুল গান্ধীৰ সমৰ্থনত শ্ল’গানেৰে আকাশ – বতাহ মুখৰিত কৰি তোলে ৷
উল্লেখ্য যে ২০১৮ চনত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বেংগালুৰুৰ এখন সভাতকেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। ইয়াৰ পিছতে তেতিয়াৰ বিজেপিৰ জিলা উপ -সভাপতি বিজয় মিশ্ৰই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰে।
কোতৱলী দেহাত অঞ্চলৰ হনুমানগঞ্জৰ বাসিন্দা বিজয় মিশ্ৰই ৰাহুল গান্ধীৰ এই মন্তব্যত আঘাত পোৱা বুলি উল্লেখ কৰি চুলতানপুৰ আদালতত মানহানিৰ গোচৰ দাখিল কৰে। এই বিষয়ত আদালতে ২০২৩ চনৰ ১৬ ডিচেম্বৰত ৰাহুল গান্ধীক চমন দিছিল। তাৰ পিছত ৰাহুল গান্ধী আদালতত হাজিৰ হৈ ২০২৪ চনত জামিন লাভ কৰে।
সেই সময়ত ৰাহুল গান্ধীয়ে অভিযোগ অস্বীকাৰ কৰি নিজকে নিৰ্দোষী বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে গোচৰটোৰ জবানবন্দী আৰু অন্যান্য ন্যায়িক কাৰ্য্যবিধি আগবাঢ়িল। প্ৰমাণৰ কাৰ্য্যবিধি সম্পূৰ্ণ হোৱাৰ পিছত আদালতে চূড়ান্ত শুনানিৰ বাবে গোচৰটো নিৰ্ধাৰণ কৰে।
পিছত বিজয় মিশ্ৰই ৰাহুল গান্ধীৰ কণ্ঠৰ নমুনাৰ তুলনা বিচাৰিলে। অৱশ্যে আদালতে তেওঁৰ আবেদন নাকচ কৰে। ইয়াৰ পাছতে চেচন ক’ৰ্ট আৰু তাৰ পাছত এলাহাবাদ উচ্চ ন্যায়ালয়েও আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁৰ আবেদন খাৰিজ কৰে।
উল্লেখযোগ্য চুলতানপুৰ বিজেপি নেতা বিজয় মিশ্ৰই অমিত শ্বাহক লৈ বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। ২০১৮ চনৰ পৰা চলি থকা এই গোচৰ ৮ বছৰৰ পাছত সোমবাৰে চুড়ান্ত ৰায়দান কৰা হয়।
মনকৰিবলগীয়া যে ৰাহুল গান্ধীৰ কনভয় আৰু এম্বুলেন্সৰ পাঁচখন বাহন চুলতানপুৰত আদালতত হাজিৰ হোৱাৰ সময়তে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত কেইবাজনো নিৰাপত্তাৰক্ষী আৰু শ্ৰমিক আহত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ADVERTISEMENT






























